এজাক বৰষুণ দিলে কামৰূপ মহানগৰ জিলাৰ যোৰাবাটত সৃষ্টি হয় কৃত্ৰিম বানৰ । যাৰ ফলত জিয়াতু ভুগিব লগা হয় সাধাৰণ জনতাই । কেইবাখনো বাহন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পানীত বুৰ যোৱাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত দেখিবলৈ পোৱা গৈছে তীব্ৰ যান- জটৰ । বহু সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ যান বাহনসমূহ । এজাক বৰষুণতে সৃষ্টি হোৱা যোৰাবাটৰ এই কৃত্ৰিম বানৰ আজি পৰ্যন্ত কোনো ধৰণৰ স্থায়ী সমাধান নহল । যাৰ বাবে এতিয়া যমৰ যাতনা ভুগিব লগা হৈছে সাধাৰণ জনতাই ।