ভাৰতক লৈ বিস্ফোৰক মন্তব্য আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ…
ভাৰতক লৈ বিস্ফোৰক মন্তব্য আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ ‘ধৰ্মীয় সংখ্যালঘু আৰু অন্যান্য জাতিৰ মানৱ অধিকাৰ সুৰক্ষিত নহ’লে ভৱিষ্যতে ভাৰত বিভাজিত হ’ব পাৰে।’
বৃহস্পতিবাৰে নিশা হোৱাইট হাউছত তেওঁৰ সন্মানত ৰাষ্ট্ৰীয় নৈশভোজৰ আয়োজন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। ইয়াৰ মাজতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই সংবাদ মাধ্যম ‘চিএনএন’ত ভাৰতক লৈ বিস্ফোৰক মন্তব্য কৰিছে।
উল্লেখ্য যে অ’বামাৰ কাৰ্যকালৰ পৰাই ভাৰত আমেৰিকাৰ ওচৰ চাপিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত উপ-ৰাষ্ট্ৰপতি আছিল জো বাইডেন। আজি সেই বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি। তেওঁৰ নিমন্ত্ৰণ মৰ্মে নৰেন্দ্ৰ মোডী ৰাষ্ট্ৰীয় ভ্ৰমণৰ কাৰ্যসূচী লৈ আমেৰিকালৈ যায়। ইয়াৰ মাজতে অ’বামাই ভাৰতত ‘ধৰ্মীয় অসহিষ্ণুতা’ৰ বিষয়কলৈ সৰৱ হৈছে।
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই চিএনএনত ভাৰতক লৈ বিস্ফোৰক মন্তব্য কৰে। তেওঁ কয়, ‘ধৰ্মীয় সংখ্যালঘু আৰু অন্যান্য জাতিৰ মানৱ অধিকাৰ সুৰক্ষিত নহ’লে ভৱিষ্যতে ভাৰত বিভাজিত হ’ব পাৰে।’ অ’বামাই লগতে কয় যে বাইডেন প্ৰশাসনেও সংখ্যালঘু অধিকাৰৰ বিষয়টো ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰা উচিত।
অ’বামাই কয়, ‘যদি ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত বহে, তেন্তে তেওঁ ভাৰতত সংখ্যালঘু মুছলমানসকলৰ স্থিতিৰ বিষয়টো উত্থাপন কৰা উচিত। মই নিজেই মোডীক চিনি পাওঁ। এই পৰিস্থিতিত তেওঁক লগ পোৱা হ’লে ক’লোহেঁতেন, ‘আপুনি যদি সংখ্যালঘুসকলৰ অধিকাৰ ৰক্ষা নকৰে, তেনেহ’লে ভাৰতৰ বিভাজিত হোৱাৰ সম্ভাৱনা অধিক৷’