এইবাৰ ডীপফেকৰ চিকাৰ আলিয়া ভাট!

এইবাৰ ডীপফেকৰ চিকাৰ আলিয়া ভাট!

কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল এটা দীপফেক ভিডিঅ’, য’ত অভিনেত্ৰী ৰশ্মিকা মান্দানাক এখন লিফ্টত প্ৰৱেশ কৰা দেখা গৈছিল। কৃত্ৰিম বুদ্ধিমত্তা খটুৱাই প্ৰযুক্তিৰ অপব্যৱহাৰ কৰি দুষ্টচক্ৰই প্ৰস্তুত কৰিছিল এই ভিডিঅ’। যাক লৈ ছচিয়েল মিডিয়াত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। আন এগৰাকী যুৱতীৰ ভিডিঅ’ত প্ৰযুক্তিৰ অপব্যৱহাৰ কৰি ৰশ্মিকা মান্দানাৰ মুখমণ্ডল লগোৱা হৈছিল। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল এই ভিডিঅ’। ইয়াৰ পিছতে ৰশ্মিকায়ো ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছিল নিজৰ প্ৰতিক্ৰিয়া। এইবাৰ ৰশ্মিকাৰ পিছত আলিয়া ভাট।

ডীপফেকৰ চিকাৰ হৈছে বলীউদৰ অভিনেত্ৰী আলিয়া ভাট। এইবাৰ আলিয়া ভাটৰ ফটো বিকৃত কৰা এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ভিডিঅ’ত আলিয়া ভাটৰ মুখমণ্ডল আন এগৰাকী মহিলাৰ ওপৰত সম্পাদিত কৰা হৈছে। ভিডিঅ’ত এগৰাকী যুৱতীক নীলা ৰঙৰ ফ্ল’ৰেল পোছাকত দেখা গৈছে, য’ত আলিয়াৰ মুখমণ্ডল দেখা গৈছে।

GTM Desk

Related