23 C
Assam
Saturday, March 25, 2023

Featured News

অভয়াপুৰীত বিভিন্ন হিতাধিকাৰীৰ সৈতে মন্ত্ৰী অতুল বৰাৰ বৈঠক

Assamese Newsঅভয়াপুৰীত বিভিন্ন হিতাধিকাৰীৰ সৈতে মন্ত্ৰী অতুল বৰাৰ বৈঠক

বিগত পোন্ধৰ বছৰে কংগ্ৰেছৰ দিনত দূৰ্নীতি পোত গৈছে ৰাজ্য ।সেয়ে একেদিনাই দুৰ্নীতি নিৰ্মূল কৰাটো অসম্ভৱ- এই মন্তব্য কৃষি মন্ত্ৰী অতুল বৰাৰ। আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত উত্তৰ শালমাৰা মহকুমাধিপতিৰ কাৰ্যালয়ত বিভিন্ন হিতাধিকাৰীৰ সৈতে অনুষ্ঠিত এক বৈঠকৰ পিছত মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমক সম্বোধন কৰি এই মন্তব্য কৰে ।

 

ৰাজ্যত বিভিন্ন বিভাগত চলি থকা দুৰ্নীতি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত মন্ত্ৰী গৰাকীয়ে কয় যে , দুৰ্নীতিটো একেদিনাই আধৰুৱা কৰাতো খুব কষ্টকৰ,অসম্ভৱ বুলিয়ে কব লাগিব ।ড্ৰাগছ, চুপাৰী ছিণ্ডিকেট ,কয়লা ছিণ্ডিকেট আদি যিবোৰ ছিণ্ডিকেট চলি আছে তাৰ বিৰুদ্ধে চৰকাৰে অতি কোঠৰ হৈ পৰিছে।

আনহাতে মন্ত্ৰীগৰাকীয়ে প্ৰশাসনৰ বিভিন্ন স্তৰত দূৰ্নীতি চলি থকা বুলি স্বীকাৰ কৰি কয় যে আগতকৈ বহু পৰিমাণৰ দূৰ্নীতি হ্ৰাস পাইছে ।আমাৰ হাতত এতিয়াও চাৰে চাৰি বছৰ সময় আছে গতিকে আমি নিশ্চিত ভাবে এই ক্ষেত্ৰত সফল হব পাৰিম বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী অতুল বৰাই ‘কা” আন্দোলন সন্দৰ্ভত কয় যে ,’কা” আন্দোলন সন্দৰ্ভত আমাৰ স্থিতি অতি স্পষ্ট ।ৰাইজে উন্নয়ন বিচাৰে,উন্নয়নৰ স্বৰ্থতে অসমৰ মানুহে এইবাৰ বিজেপি,অগপ আৰু ইউ পি পি এলক এইবাৰ ভোট দিছে ।ৰাইজ ৰাজনৈতিক ভাবে যথেষ্ট সচেতন।এটা বছৰ আন্দোলন কৰিয়েই ৰাজনৈতিক দল গঠন কৰিছে যদিও ৰাইজ কি ৰায়দান দিলে সকলোৱে জানে ।কথা কোৱা আৰু কাম কৰাৰ মাজত পাৰ্থক্য আছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, দিছপুৰৰ বাহিৰত দ্বিতীয়বাৰৰ বাবে আজি বঙাইগাঁও জিলাত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় । বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত উভতনি যাত্ৰাৰ সময়ত মন্ত্ৰী অতুল বৰাই আজি বিয়লি উত্তৰ শালমাৰা মহকুমাধিপতিৰ কাৰ্যালয় উপস্থিত হয়।মন্ত্ৰী গৰাকীয়ে উত্তৰ শালমাৰা মহকুমাধিপতিৰ সভাকক্ষত বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ সৈতে এক বৈঠকত মিলিত হয় । উত্তৰ শালামাৰা মহকুমাৰ মহকুমাধিপতি পাৰ্থ সাৰথি জহৰীৰ সঞ্চালনাত অনুষ্ঠিত বৈঠকত মন্ত্ৰী গৰাকীয়ে কৃষি,পশু আদি বিষয়াৰ লগতে অৰুণোদয় আঁচনি, বিধৱা পেঞ্চন আঁচনি, বৃদ্ধ পেঞ্চন আঁচনি, কোভিড সাহায্য আঁচনি, অটল অমৃত অভিযান আদি আঁচনি হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!