Advertisement

মহানগৰীত লাচিত দিৱস উদযাপন

মহানগৰীত লাচিত দিৱস উদযাপন

সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত মহানগৰীৰ লাচিত ঘাটৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সমীপত উদয়াপন কৰা হয় লাচিত দিৱস (Lachit Divas 2021) ৷ এই অনুষ্ঠানত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ কুইন ওজা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, স্বৰ্গদেও চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ সমাজৰ উপাধ্যক্ষ ড৹ দয়ানন্দ বৰগোঁহাই, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ, কামৰূপ(ম) জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

অনুষ্ঠানটোৰ মুখ্য অতিথি বিশ্বজিৎ দৈমাৰীয়ে ভাষণ প্ৰসংগত কয় যে, অসমখন হৈছে বীৰ ভূমি ৷ অসমখনক বাদ দি মহাভাৰত সম্পূৰ্ণ নহয় বুলি উল্লেখ কৰি তেওঁ ভগদত্ত, নৰকাসুৰ, ঘটোৎকচ আদি অসমৰ বীৰসকলৰ বীৰত্বৰ বিষয়ে সাৰুৱা বক্তব্য প্ৰদান কৰে ৷ নৱপ্ৰজন্মক লাচিত বৰফুকনৰ দৰে বীৰৰ বিষয়ে নতুবা ইতিহাসৰ জ্ঞান প্ৰদান নকৰিলে কালক্ৰমত নৱপ্ৰজন্মই একালৰ ইতিহাসক কাল্পনিক কাহিনীলৈ ৰূপান্তৰ কৰিব বুলি ভাষণত প্ৰকাশ কৰে দৈমাৰীয়ে ৷

অনুষ্ঠানত সাংসদ কুইন ওজাই লাচিত বৰফুকন জড়িত অসমৰ ইতিহাসক স্মৰণ কৰি ভৱিষ্যত প্ৰজন্মক লাচিত বৰফুকনৰ দৰে বীৰৰ বিষয়ে জানিবলৈ উৎসাহ প্ৰদান কৰে ৷

Shahnawaz Hamza