মোগল সম্রাট ঔৰংগজেৱৰ সমাধিক্ষেত্র পাঁচ দিনৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত
মহাৰাষ্ট্রৰ ঔৰংগাবাদত মোগল সম্রাট ঔৰংগজেবৰ সমাধিক্ষেত্র সম্প্ৰতি পাঁচ দিন বন্ধ ৰখাৰ সিদ্ধান্ত ল’লে ভাৰতীয় পুৰাতত্ত্ব সর্বেক্ষণে ।যোৱা মঙলবাৰে মহাৰাষ্ট্র নৱনির্মাণ সেনাৰ (এমএনএছ) মুখপাত্র গজানন কালে টুইট কৰি প্রশ্ন উত্থাপন কৰিছিল, ৰাজ্যত এই স্মৃতিসৌধ ৰখাৰ প্রয়োজনীয়তাক লৈ । এই সৌধ ধ্বংস কৰাৰ দাবীও জনাইছিল ।চলিত মাহৰ আৰম্ভণিতে এমআইএম নেতা আছাদউদ্দিন ৱেইচি ঔৰংগজেবৰ সমাধিক্ষেত্রত গৈছিল । সেই ঘটনাৰ পাছতেই বিতর্কৰ উৎপত্তি হয় ।
সমালোচনাত সৰৱ হয় বিৰোধী বিজেপি, শাসক জোঁটৰ অন্যতম শিৱসেনা । সেই সময়ত ৰাজ ঠাকৰেৰ এমএনএছ-য়েও এই ঘটনাৰ বিৰোধিতা কৰে । তাৰ পাছতেই এমএনএছ মুখপাত্রৰ এই টুইট । আনকি বিজেপিয়ে ৱেইচিৰ বিৰুদ্ধে ৰাষ্ট্রদ্রোহ আইনত গোচৰ তৰাৰ দাবী কৰে ।তুমুল বিতর্কৰ পাছতেই ভাৰতীয় পুৰাতত্ত্ব সর্বেক্ষণে ঔৰংগাবাদত খুলদাবাদৰ এই স্মৃতিসৌধৰ নিৰাপত্তা অধিক শক্তিশালী কৰাৰ ব্যৱস্থা কৰে । তেওঁলোকক সহায় কৰে ঔৰংগাবাদ গ্রামীণ আৰক্ষী ।