কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে দেশৰ ১৪খন বানপীড়িত ৰাজ্যলৈ আৰ্থিক অনুদান মোকলাই দিয়াৰ কথা মঙলবাৰে ঘোষণা কৰিছে। ইয়াৰ ভিতৰত অসমৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭১৬ কোটি টকাৰ আৰ্থিক অনুদান মোকলাই দিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় দুৰ্যোগ সাহাৰ্য পুঁজিৰ পৰা ১৪খন ৰাজ্যৰ বাবে সৰ্বমুঠ ৫,৮৫৮.৬০ কোটি টকা ধন মোকলাই দিছে কেন্দ্ৰীয় চৰকাৰে। এই অনুসৰি
Author: GTM Desk
“ঋণৰ ওপৰতে ঋণ লৈ ৰাজ্যখনক অৰ্থনৈতিকভাৱে নিশকতীয়া কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ! ৰাজ্যৰ বিৰোধী দল, অৰাজনৈতিক সংগঠন তথা বৌদ্ধিক মহলৰ সমালোচনাৰ পাছতো অব্যাহত আছে চৰকাৰখনৰ ঋণৰ ওপৰত ঋণ লোৱাৰ প্ৰক্ৰিয়া । যেন ঋণৰ ওপৰতে বৰ্তি আছে চৰকাৰখন । প্রতি মাহেই হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা মুখ্যমন্ত্ৰী
মহালয়াৰ পুৱাই তিতাবৰৰ গোবিন্দপুৰ চাহ বাগিছাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। এগৰাতী যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি সংঘটিত হয় এই উত্তপ্ত পৰিস্থিতিৰ। জানিব পৰা মতে বাগিছাখনৰ ৩০ বছৰীয়া যুৱতী ললিতা পাইক পুৱতি নিশা পুখুৰীৰ পৰা পানী তুলিবলৈ গৈ মৃত্যু হয়। অভিযোগ অনুসৰি প্ৰথম অৱস্থাত তেওঁক গোবিন্দপুৰৰ বাগিছাখনৰ হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও
মঙলবাৰে মহানগৰীৰ বিজুলী ভৱনত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজৰ দল ৷ আঞ্চলিক ৰাজনৈতিক দলটোৰ কামৰূপ মহানগৰ জিলা সমিতিৰ কে’বা শতাধিক কৰ্মীয়ে হাতত প্লেকাৰ্ড লৈ বিজুলী ভৱনৰ সন্মুখত অৱস্থান কৰি স্মাৰ্টমিটাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে ৷ উল্লেখ্য যে শেহতীয়াকৈ অসম চৰকাৰৰ অধীনস্থ অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে ঘৰে ঘৰে পূৰ্বৰ ডিজিটেল
খ্যাতনামা সমাজ সংগঠক, লেখিকা, সংগীত শিল্পী শিখা শৰ্মাক বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ উপ-সভাপতি হিচাপে মনোনীত কৰা হৈছে। বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ মঠ-মন্দিৰ, অৰ্চক-পুৰোহিত প্ৰমুখ শুভাৰম বৰা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পাঞ্জাবাৰী শাখাৰ কাৰ্যবাহ বুদ্ধি প্ৰসাদ খনাল প্ৰমুখ্যে সংঘৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল উপস্থিতিত অনুষ্ঠিত বৈঠকত সমাজ সংগঠকগৰাকীৰ ওপৰত এই দায়িত্ব অৰ্পণ