Author: GTM Desk

বলীউড অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদাচাহেব ফাল্কে বঁটা

বলীউড অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদাচাহেব ফাল্কে বঁটা

৮ অক্টোবৰত অভিনেতাগৰাকীক প্ৰদান কৰিব এই বঁটা। নেচনেল ফিল্ম এৱাৰ্ড অনুষ্ঠানত দিয়া হ’ব বঁটা। সামাজিক মাধ্যমত এই তথ্য সদৰী কৰিছে মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে চুবুৰীয়া দেশ নেপালত

প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে চুবুৰীয়া দেশ নেপালত

ভয়াৱহ বান, খহনীয়াত এইপৰ্যন্ত ১৭০গৰাকী লোকৰ মৃত্যু। সন্ধান নাই প্ৰায় ৪২ জনৰ, আহত শতাধিক লোক। এতিয়াও উদ্ধাৰ অভিযান অব্যাহত উদ্ধাৰকাৰী দলৰ।

আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি অসমৰ শুভ উদ্বোধন; ২৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীলৈ ঋণ প্ৰদান

আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি অসমৰ শুভ উদ্বোধন; ২৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীলৈ ঋণ প্ৰদান

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত বিশেষ অনুষ্ঠান। ২৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীক প্ৰদান কৰা হ’ব ২ লাখ টকাৰ ঋণ। প্ৰথম কিস্তিত দিয়া হ’ব ৭৫ হাজাৰ টকা। ৩ দিনীয়া প্ৰশিক্ষণৰ অন্তত পুনৰ প্ৰদান কৰা হ’ব ২৫ হাজাৰ টকা। নৱেম্বৰ মাহৰ ভিতৰতে প্ৰদান কৰা হ’ব দুয়োটা কিস্তি। নতুনকৈ ৭৫ হাজাৰ যুৱক-যুৱতীক অন্তৰ্ভুক্ত

অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ দ্বিতীয় দ্বি- বার্ষিক অধিবেশনৰ সামৰণি

অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ দ্বিতীয় দ্বি- বার্ষিক অধিবেশনৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,২৯ছেপ্টেম্বৰ:–অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ দ্বিতীয় দ্বি- বার্ষিক অধিবেশনখন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অভিনন্দন সভা কক্ষত অনুষ্ঠিত সন্থাৰ সভাপতি কমৰেড বিৰিঞ্চি কুমাৰ বুজৰবৰুৱাই সন্থাৰ পতাকা উত্তোলন আৰু পৰৱৰ্তী সময়ত এন ই এফ আৰ আৰ বি (অৱসৰী) সভাপতি কমৰেড বাবুল বৰাই বন্তি প্রজ্বলন-শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে। অভ্যৰ্থনা

নগাঁৱত লোকসেৱক হলধৰ ভূঞা স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন

নগাঁৱত লোকসেৱক হলধৰ ভূঞা স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২৯ছেপ্টেম্বৰ:–নগাঁৱৰ সুযোগ্য সন্তান, সমাজ সচেতন ব্যক্তি,শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিষ্ঠাৰ অন্যতম কাণ্ডাৰী লোকসেৱক হলধৰ ভূঞা স্মাৰক বক্তৃতানুষ্ঠান আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা,উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা,পঞ্জীয়ক ড° শৰৎ হাজৰিকা, মুখ্য বক্তা ড°