বিজেপি চৰকাৰে কৰিলে চৰম বিশ্বাসঘাতকতা। বিজেপিৰ যোৱাটো কাৰ্যকালৰ সময়ত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জাগীৰোডৰ নগাঁও কাগজ কলত উপস্থিত হৈ দীৰ্ঘকাল জুৰি বন্ধ হৈ থকা কলটোৰ কৰ্মচাৰীসকলক প্ৰতিশ্ৰুতি দিছিল তিনি মাহৰ ভিতৰতে কাছাৰ আৰু নগাঁও কাগজ কল পুনৰ চলোৱা হ’ব । ইয়াৰোপৰি, তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো এই বিষয়ত নিশ্চুপ হৈ আছিল
Author: GTM Desk
ক’ৰ’নাৰ জটিল পৰিস্থিতিৰ বাবে স্থগিত হৈ থকা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত ছেবাৰ কৰ্তৃপক্ষক সাক্ষাৎ কৰিলে ছাত্ৰ মুক্তিৰ সংগ্রাম সমিতিৰ প্ৰতিনিধি দলে। ছেবা কৰ্তৃপক্ষক সাক্ষাৎ কৰি ছাত্ৰ সংগঠনটোৱে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত ১১দফীয়া পৰামৰ্শৱলীৰে স্মাৰক পত্ৰ প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকল পৰীক্ষা অনুষ্ঠিত হোৱা-নোহোৱাক লৈ মানসিকভাৱে হতাশাগ্ৰস্ত হৈছে।অসমত
গুৱাহাটী মহানগৰীৰ এটা অতি পুৰণি তথা ব্যস্ততম পথ, যিটো পথত কেইবাদশক ধৰি সুদৃষ্টি পৰা নাই কোনো জনপ্রতিনিধিৰ৷ ফলত জৰাজীর্ণ পথটোৱেই উপায়হীনভাৱে অঞ্চলটোৰ সহস্রাধিক লোক চলাচল কৰি থাকিবলগীয়া হৈছে৷ এই পথটো হৈছে পূব গুৱাহাটী অঞ্চলৰ পাথৰকোঁৱৰী–মেগজি সংযোগী পথ৷ উল্লেখ্য যে ষাঠিৰ দশকতে এক নির্দিষ্ট কামৰ বাবে অর্থাৎ বর্তমানৰ ভি আই পি
ক’ভিডকেন্দ্রিক ভয়াৱহতা সত্ত্বেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলেৰে চলাই আছে দেশী–বিদেশী অবৈধ সুৰাৰ বেহা৷ এনে অবৈধ বেহা বন্ধ কৰিবলৈ আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ–আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰে দিয়া নির্দেশৰ ভিত্তিত আজি গুৱাহাটী সদৰৰ আবকাৰী চক্রই মহানগৰীৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায়৷
গুৱাহাটী মহানগৰীক কৃত্রিম বানৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে দিনে–নিশাই কাম চলাইছে নৱনিযুক্ত পৌৰ আয়ুক্ত দেৱাশিস শর্মাই৷ যোৱা ২১ মে’ত দায়িত্বভাৰ গ্রহণ কৰিয়েই পৌৰ আয়ুক্ত দেৱাশিস শর্মাই মহানগৰবাসীয়ে দীর্ঘদিন ধৰি সন্মুখীন হৈ অহা কৃত্রিম বান সমস্যাৰ পৰা মুক্ত কৰাৰ বাবে ভৰলু–বশিষ্ঠ–বাহিন্ এক্সকেভেটৰেৰে খননৰ কাম আৰম্ভ কৰিছে৷ ভৰলু–বশিষ্ঠ–বাহিন্ নৈকে ধৰি মহানগৰীৰ পৰা