যোৱা ১ ছেপ্টেম্বৰৰ ঘটনা ৷ গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ প্ৰকৃতিজ এপাৰ্টমেণ্টত উদ্ধাৰ হৈছিল এগৰাকী বনকৰা কিশোৰীৰ মৃতদেহ। এপাৰ্টমেণ্টৰ ফ্লেটৰ গৰাকী দীনেশ আগৰৱালাৰ ঘৰত বনকৰা ৰূপে আছিল কিশোৰীগৰাকী ৷ যোৱা ১ ছেপ্টেম্বৰৰ দিনা হঠাৎ এপাৰ্টমেণ্টটোৰ অষ্টম মহলাৰ পৰা জপিয়াইছিল বনকৰা কিশোৰী মীনাই ৷ কিন্তু হঠাৎ তেনে কিয় কৰিলে মীনাই? সেয়া এতিয়াও ৰহস্যৰ
Author: GTM Desk
কিমান নিৰ্দয় আৰু নিষ্ঠুৰ হ’লে এগৰাকী মহিলাই পৰকীয়া প্ৰেমত মচগুল হৈ স্বামীক হত্যা কৰিব পাৰে সেইয়া হয়তো কল্পনাতীত। উত্তৰপ্ৰদেশত সংঘটিত এনে এক ভয়ংকৰ ঘটনাই এতিয়া চৌদিশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ৰাজ্যখনৰ গডৱাৰ থানা এলেকাৰ অন্তৰ্গত চিকাৰিয়া খুৰ্ডত ৫ সন্তানৰ এগৰাকী মাতৃৰ এজন যুৱকৰ সৈতে প্ৰেম হয়। পিছত
নৱম ইলোৰা – অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাৰ পূৰ্ণদৈৰ্ঘৰ অসমীয়া মননশীল চিনেমা “নেলীৰ কথা” প্ৰতিযোগিতা শাখালৈ নিৰ্বাচন হৈছে। এই চলচ্চিত্ৰ মহোৎসৱ অহা জানুৱাৰী মাহৰ ৩ তাৰিখৰ পৰা ৭ জানুৱাৰীলৈ ঔৰাৎগবাদত অনুষ্ঠিত হ’ব। পৰিচালক পাৰ্থজিৎ বৰুৱাই এই সফলতা অলপতে মৃত্যুক সাৱটিলোৱা নেলীৰ কথা”ৰ সংগীত পৰিচালক ডেনিয়েল ইংতি আৰু এই চিনেমাখনতেই
প্ৰেছ বিবৃতি # APSC কেলেংকাৰীৰ অভিযুক্তৰ প্ৰতি নমনীয় মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা: জিতুল ডেকা # বাঘৰ দৰে জপিওৱাৰ পৰিবৰ্তে মানৱীয়তাকহে ঢাল হিচাপে লৈছে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী,৫ নবেম্বৰ : দুৰ্নীতি দেখিলেই বাঘৰ দৰে জঁপিয়াই পৰিব বুলি সকীয়নি দিয়া মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই এতিয়া APSC ত ৰাকেশ পালক ধন দি দুৰ্নীতিৰে চাকৰি লোৱা
ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। এইবাৰ তামাৰহাটত গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলী নিক্ষেপ কৰিলে আৰক্ষীয়ে। এই গুলীচালনাত গুলীবিদ্ধ হয় এজন চোৰাং গৰু সৰবৰাহকাৰী। আনহাতে গ্রেপ্তাৰ কৰা হয় আন দুজন গৰু সৰবৰাহকাৰীক। জানিব পৰা মতে, তামাৰহাটত আৰক্ষীৰ বাধা নেওচি পলাবলৈ চেষ্টা কৰে চোৰাং সৰবৰাহকাৰীকেইজনে। ফলত গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী।