অশ্ৰুসিক্ত নয়নেৰে পুনৰ উচ্ছেদ নোহোৱাৰ বাবে দোৱা কৰিছে আজমলে

অশ্ৰুসিক্ত নয়নেৰে পুনৰ উচ্ছেদ নোহোৱাৰ বাবে দোৱা কৰিছে আজমলে

গৰুখুটিৰ উচ্ছেদত সংঘটিত হোৱা হিংসাত্মক ঘটনাই ইতিমধ্যে, এটা মাহৰ অধিক সময় পাৰ কৰিছে ৷ দেওবাৰে দৰঙত উপস্থিত হৈ গৰুখুটিৰ উচ্ছেদিত লোক সকলৰ কাষত থিয় দিলে AIUDF দলৰ নেতা মৌলানা বদৰুদ্দিন আজমল । উচ্ছেদিত লোকৰ কাষত থিয় হৈ দেওবাৰে হুকহুকাই কান্দি উঠিল বদৰুদ্দিন আজমলে । এই উচ্ছেদৰ দৰে যাতে পুনৰ ক’তো কোনো ঠাইতে উচ্ছেদ নহয় তাৰে কামনা কৰে এই ইউ ডি এফৰ নেতা গৰাকীয়ে ।

উল্লেখযোগ্য যে, এটা ব্যক্তিগত নিমন্ত্ৰণ মৰ্মে মঙলদৈ গৈ দেওবাৰৰ দিনটোত আৱৰ্ত ভৱনত উপস্থিত হৈছিল AIUDF ৰ সভাপতি বদৰুদ্দিন আজমল । ইয়াৰ পিছতে তেওঁ গৰুখুটিৰ উচ্ছেদৰ ঘটনাত আহত আৰু নিহত লোক সকলৰ পৰিয়াল সমূহক সাক্ষাৎ কৰে । পৰিয়াল সমূহক সাক্ষাৎ কৰি তেওঁ নিহত লোকৰ পৰিয়াললৈ নগদ 2 লাখ টকা আৰু আহত সকলৰ পৰিয়াললৈ 10 হাজাৰ টকাকৈ সাহাৰ্য প্ৰদান কৰে ।

এই ঘটনা সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে, অসমত কোনো কাৰণত যেন উচ্ছেদ নহয় তাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিছে তেওঁ ৷ ইয়াৰ লগতে ই এক নজিৰ বিহীন ঘটনা বুলিও অভিহিত কৰিলে বদৰুদ্দিন আজমলে ।

আনহাতে, উপ-নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি আজমলে কয় উপ-নিৰ্বাচনত দুখন আসনতেই AIUDF যে জয়লাভ কৰিব । বাকী তিনিটা সমষ্টিত ৰাইজক বিবেক ভোট আৰু ধৰ্ম নিৰপেক্ষ দলক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় তেওঁ । ইয়াৰোপৰি, ভৱানীপুৰ সমষ্টিত কংগ্ৰেছ দলে BJP ক সহায় কৰিবলৈ প্ৰাৰ্থী দিছে বুলিও মন্তব্য কৰে আজমলে ।

GTM Desk