ৰাজ্যজুৰি পালন বলিদান দিৱস
ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি, ৰাষ্ট্ৰবাদী নেতা ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ পুণ্য তিথি উপলক্ষে বুধবাৰে সমগ্ৰ দেশতে বলিদান দিৱস পালন কৰা হয় । সমান্তৰালকৈ বিজেপিৰ অসম প্ৰদেশৰ ৩৯ খন সাংগঠনিক জিলা, ৩৯৯ টা মণ্ডল আৰু ২৮ হাজাৰ বুথ সমিতিৰ উদ্যোগতো বলিদান দিৱস পালন কৰা হয় । ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগতে মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, জিলা বিষয়ববীয়াকে আদি কৰি দলৰ মণ্ডল আৰু বুথ পৰ্যায়ৰ সকলো কাৰ্যকৰ্তাই আজি “এক দেশ, এক নিচান, এক বিধান”ৰ প্ৰতিষ্ঠাৰ বাবে সৰ্বোচ্চ বলিদান দিয়া ড° শ্যামাপ্ৰসাদ মুখাৰ্জীক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

বলিদান দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰুক্মিণীগাঁৱৰ টঙৰা সত্ৰত আয়োজিত বলিদান দিৱসত উপস্থিত থাকি শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে । ভাষণ প্ৰসংগত মুখ্যমন্ত্রীগৰাকীয়ে কয়-‘ আজি এই বিশেষ দিনত দেশৰ অখণ্ডতাৰ প্ৰতি মহান অৱদান আগবঢ়াই থৈ যোৱা বৰেণ্য ব্যক্তিগৰাকীক গৌৰৱেৰে স্মৰণ কৰিছো । ড° শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি থকা নিষ্ঠাবান কৰ্মৰাজিয়ে আমাক সদায়েই অনুপ্ৰাণিত কৰি যাব ।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি জম্মু-কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ বাতিল কৰি ড° শ্যামাপ্ৰসাদ মুখাৰ্জীৰ “এক দেশ, এক নিচান, এক প্ৰধান” সপোনক বাস্তৱায়িত কৰিলে” ৷

বলিদান দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ
বলিদান দিৱস উপলক্ষে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে বুধবাৰে নলবাৰী জিলাৰ টিহু মণ্ডলৰ কাৰ্যালয়ত দলীয় কাৰ্যকৰ্তাসকলৰ উপস্থিতিত মহান নেতাজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । বিজেপিৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত বলিদান দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হয় । এই কাৰ্যসূচীত সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, দলৰ জোষ্ঠ নেতা প্ৰদীপ ঠাকুৰীয়াৰ লগতে দলৰ বিষয়ববীয়াসকল উপস্থিত থাকি ড° শ্যামা প্ৰসাদ মুখাৰ্জীক সোঁৱৰণ কৰাৰ লগতে তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে ।