৬টা কাৰণ, কিয় বাঁহ গাজ আমাৰ স্বাস্থ্যৰ বাবে পৰম উপকাৰী

1 min read

বাঁহৰ গাজ। অসমীয়া লোকখাদ্যৰ এবিধ অন্যতম উপাদান বাঁহৰ গাজ। অকল অসমীয়াই নহয় ভাৰতৰ সকলো ঠাইতে ইয়াক পৰম খাদ্যৰূপে গ্ৰহণ কৰা দেখা যায়। কিন্তু আপুনি জানেনে বাঁহৰ গাজ আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী। বহু বেমাৰৰ লগতে ই কেঞ্চাৰ প্ৰতিৰোধীও। লগতে বাঁহৰ গাজত থকা স্বাস্থ্যসন্মত উপাদানে আমাক ভিন্নপ্ৰকাৰে সুৰক্ষিত কৰি ৰাখে।

বাঁহৰ গাজৰ ৬টা উপকাৰ

শক্তিশালী ইমিউনিটীঃ গাজত থকা খনিজ লৱণ, ভিটামিন, এণ্টি-অক্সিডেণ্টে আমাৰ শৰীৰৰ প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰি তোলে। শৰীৰৰ স্নায়ুজনিত সমস্যাৰ পৰাও মুক্ত কৰিব পাৰে বাঁহৰ গাজে।

কেঞ্চাৰ প্ৰতিৰোধী উপাদানঃ বাঁহ গাজত থাকে ফাইটোষ্টোৰাল, যি ফ্লেবোন, ক্লোৰোফিল আৰু এমাইলেজৰে গঠিত। ফাইটোষ্টোৰালত প্ৰচুৰ পৰিমাণে কেঞ্চাৰ প্ৰতিৰোধী উপাদান থাকে। বিশেষকৈ এই খাদ্য পাকস্থলী, স্তন, হাঁওফাঁও আৰু অণ্ডকোষৰ কৰ্কট ৰোগ প্ৰতিৰোধী।

সুস্থিৰ ৰক্তচাপঃ বাঁহ গাজত থকা প্ৰচুৰ পৰিমাণৰ পটাছিয়ামে মানৱ দেহৰ ৰক্তচাপ সুস্থিৰ কৰি ৰাখে। পটাচিয়ামে আমাৰ হাঁওফাঁওৰ স্পন্দন সুস্থিৰ কৰি ৰখাৰ লগতে স্বাস্থ্যৱান কৰি ৰাখে।

ঋতুস্ৰাৱঃ মহিলাৰ ঋতুস্ৰাৱজনিত সমস্যা সমাধানত সহায়ক হয় বাঁহ গাজ। অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যা সমাধানৰ লগতে প্ৰজনন, প্ৰসৱোত্তৰ ৰক্তপাতৰ সমস্যাৰ পৰা মুক্ত কৰে বাঁহ গাঁজে।

প্ৰচুৰ পৰিমাণৰ এণ্টি-অক্সিডেণ্টঃ অত্যধিক এণ্টি-ইনফ্লেমেটৰী আৰু প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্টৰ বাবে হৃদৰোগ তথা কেঞ্চাৰৰ পৰা সুৰক্ষা প্ৰদান কৰিব পাৰে।

সুস্থ পাচন তন্ত্ৰঃ বাঁহ গাজত থাকে উচ্চ হাৰৰ ফাইবাৰ। এই ফাইবাৰে আমাৰ পাচন তন্ত্ৰ সুস্থ কৰি ৰখাৰ লগতে গেছ বা পেটৰ অন্য অসুবিধা দূৰ কৰিবলৈ সক্ষম হয়।

You May Also Like

More From Author