16.1 C
Assam
Saturday, December 10, 2022

Featured News

Guwahati’s first CNG filling station to come up in Betkuchi

The Construction of Guwahati's first Compressed Natural...

ৰাতি কি কি খাব নালাগে!

Assamese Newsৰাতি কি কি খাব নালাগে!

 

আমি সকলোৱেই স্বাস্থ্যৱান হৈ থাকিব বিচাৰোঁ৷ এইক্ষেত্রত আমি খোৱা খাদ্যসমূহে যথেষ্টখিনি প্রভাৱ পেলায়৷ পুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি বিভিন্ন খাদ্যৰ জুতি লওঁ যাতে আমি স্বাস্থ্যৱান হৈ থাকিব পাৰোঁ৷ মাছ, মাংস, কণী, পনিৰ, সেউজীয়া শাক–পাচলি, ফলমূল আদি আমি নিজেও খাওঁ আৰু পৰিয়ালৰ সকলোকে খাবলৈ দিওঁ৷ কিন্তু এইবিলাক খাদ্য খাওঁতে আমি কিছুমান নীতি–নিয়ম পালন কৰি খালে বেছি সুফল পোৱা যায়৷ অসমীয়াত এষাৰ কথা আছে ৰাতিপুৱা খাবা ৰজাৰ দৰে, দুপৰীয়া খাবা প্রজাৰ দৰে আৰু ৰাতি খাবা দৰিদ্রৰ দৰে৷ ৰাতিপুৱাৰ আহাৰ ৰজাৰ দৰে কৰিব লাগে৷ অর্থাৎ ৰজাই কোনবোৰ খাদ্য খায়? পৃথিৱীৰ আটাইতকৈ ভাল ভাল খাদ্যবোৰ৷ অর্থাৎ এইষাৰ কথাৰ অর্থ এয়েই যে ৰাতিপুৱা আমি এটা ভাল বা হেভী ব্রেকফাষ্ট কৰিব লাগে যাতে আমি দিনটোৰ বাবে এক্টিভ হৈ থাকিব পাৰোঁ৷ ঠিক তেনেদৰে দুপৰীয়াৰ আহাৰ প্রজাৰ দৰে সেৱন কৰিব লাগে৷ প্রজাই সকলো খাদ্য সেৱন কৰে, কিন্তু এটা পৰিমিত মাত্রাত৷ ৰাতি দৰিদ্রৰ দৰে সাধাৰণ আহাৰ খাব লাগে৷ তেতিয়াহে আমি বেছি স্বাস্থ্যৱান হৈ থাকিব পাৰিম৷ এতিয়া জানো আহক ৰাতি কোনবোৰ আহাৰ পৰাপক্ষত খাব নালাগে৷

* ৰাতি খাব নলগীয়া খাদ্যৰ কথা ক’লে প্রথমে পাতশাকৰ কথাই ক’ব লাগিব৷ লাই, পালেং, খুতুৰা আদি যিকোনো পাতশাক ৰাতি নোখোৱাই ভাল৷ কাৰণ এইবিলাকে কেতিয়াবা পাচন ক্রিয়াত খেলিমেলি সৃষ্টি কৰিব পাৰে, গেছ, এচিডিটি বা বদহজম হ’ব পাৰে৷ যিসকলৰ গেছৰ সমস্যা আছে তেওঁলোকে ৰাতি পাতশাক একেবাৰেই নোখোৱাই ভাল৷ নিশ্চয় সকলোৱে এইটো কথা পালন কৰি চলে৷ ৰাতি আমাৰ শৰীৰে বিশ্রাম লয় আৰু পাচনতন্ত্রকো বিশ্রামৰ প্রয়োজন হয়৷ কিন্তু এনেকুৱা পাতশাকত থকা ফাইবাৰ হজম কৰিবলগীয়া হ’লে পাচনতন্ত্রই বেছি কাম কৰিবলগীয়া হয় আৰু ই টোপনিত ব্যাঘাত জন্মাব পাৰে৷

* ৰাতি খাব নলগীয়া বস্তুৰ ভিতৰত আনবিধ বস্তু হৈছে তিয়ঁহ, বিলাহীৰ কেঁচা চালাড৷ কেঁচা চালাড হজম হওঁতে অলপ সময় লাগে৷ যিসকলৰ গেছ, বদহজম, ডিচেন্ত্রী বা অন্য পেটৰ সমস্যা আছে তেওঁলোকে পৰাপক্ষত ৰাতি কেঁচা চালাড খাব নালাগে৷ তিয়ঁহৰ বিষয়ে হিন্দীত এষাৰ কথা আছে যে ‘খিৰা চুবহ কৌ হীৰা শাম কৌ পীড়া’৷ অর্থাৎ ই ৰাতিপুৱা হীৰাৰ দৰে কাম দিয়ে আৰু পাছবেলা বিষ (পীড়া) দিয়ে বা পিছবেলা আমাৰ শৰীৰৰ বাবে হানিকাৰক হৈ পৰে৷ বিলাহী অম্লধর্মী হোৱাৰ লগতে ইয়াত থকা গুটিবোৰ সহজে হজম নহয়৷ গতিকে কেঁচা বিলাহী ৰাতি খালে পেটৰ গোলমাল হোৱাৰ সম্ভাৱনা থাকে৷ অৱশ্যে সিজাই খালে অপকাৰ নকৰে৷

* কফী, ডার্ক চকলেট আৰু চাহ বিশেষকৈ গাখীৰ চাহ ৰাতি কমাই খাব লাগে৷ কাৰণ এইবিলাক খাদ্যত কেফেইন নামৰ ৰাসায়নিক পদার্থ থাকে যিয়ে হয়তো টোপনিত ব্যাঘাত জন্মাব পাৰে৷ বিশেষকৈ যিসকলৰ টোপনিৰ সমস্যা আছে তেওঁলোকে এইবোৰ বস্তু ৰাতি কমাই খাবলৈ চেষ্টা কৰা উচিত৷ অৱশ্যে চাহত কেফেইনৰ পৰিমাণ যথেষ্ট কম থাকে যদিও মাত্রাধিক খালে ই গেছৰ সমস্যাৰ লগতে টোপনিত ব্যাঘাত জন্মাব পাৰে৷

* ৰাতি খাব নলগীয়া বস্তু হৈছে দৈ৷ দৈ এবিধ পুষ্টিকৰ খাদ্য কিন্তু ইয়াক সঠিক বিধিত সেৱন নকৰিলে পার্শ্বক্রিয়া হ’ব পাৰে৷ গুৰুপাকী হোৱাৰ বাবে ৰাতি হজম কৰোঁতে অসুবিধা হয়৷ আৰু যিহেতু ৰাতি শুইহে থকা হয়, গতিকে এনে গুৰুপাকী খাদ্যই পেটৰ গোলমাল কৰিব পাৰে৷

* চীজ, বাটাৰ বা অন্য চর্বিযুক্ত খাদ্য ৰাতি কমাই খাব লাগে৷ ফেট বা চর্বি হজম হওঁতে যথেষ্ট সময় লাগে আৰু ৰাতি আমি বিশেষ পৰিশ্রম নকৰোঁ৷ আমি শুই থাকোঁতে যদি আমাৰ পাচনতন্ত্রৰূপী মেচিনটোৱে অনবৰতে এনেবোৰ খাদ্য হজম কৰাতেই লাগি থাকিবলগীয়া হয় তেন্তে ই অলপ কষ্ট পায়৷ সেয়ে ৰাতি ইয়াক বিশ্রাম দিব লাগে৷ চর্বিযুক্ত খাদ্য দিনৰ অন্য সময়ত খাব লাগে৷

* ৰাতি ফুলকবি, ব্রকলি, তিতাকেৰেলা, অত্যধিক টেঙা, তিতা, জলা বা খাৰযুক্ত খাদ্যও পৰাপক্ষত খাব নালাগে৷ পেটৰ গোলমাল হোৱাৰ উপৰি টোপনিত ব্যাঘাত হোৱাৰ সম্ভাৱনা থাকে৷

* ওপৰত উল্লেখ কৰা বস্তুসমূহৰ উপৰি আৰু অন্যান্য খাদ্য আছে যিবোৰ ৰাতি খাব নালাগে৷ ব্যক্তিভেদে তেনে বস্তুৰ তালিকা বেলেগ বেলেগ হয়৷ এতিয়া হয়তো বহুতৰ মনত প্রশ্ণৰ উদয় হৈছে যে তেওঁলোকে তিয়ঁহৰ চালাড, দৈ আদিবোৰ খাদ্য দেখোন খায়েই থাকে, তেওঁলোকৰ একো সমস্যা হোৱা নাই কিয়? আচলতে সকলোৰে হজম শক্তি বেলেগ বেলেগ৷ যিসকল ব্যক্তিৰ হজম শক্তি ভাল তেওঁলোকে এনে খাদ্য সহজে হজম কৰিব পাৰে৷ আৰু যিসকলৰ হজম শক্তি বেয়া তেওঁলোকে এনে খাদ্য একেবাৰে হজম কৰিব নোৱাৰে৷ গতিকে সকলোৱে নিজৰ হজম শক্তি চাইহে খাদ্য গ্রহণ কৰা উচিত৷ এবিধ বস্তু এজন মানুহৰ বাবে পথ্য হ’লেও আনজনৰ বাবে হয়তো অপথ্য হ’ব পাৰে৷ সেয়েহে সকলোৱে নিজৰ বাবে উপযোগী বস্তুবোৰহে খোৱা উচিত৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: