আপুনি দৈনিক কল খায় নেকি ? কলৰো আছে অপকাৰী গুণ !

1 min read

শৰীৰৰ উপকাৰৰ কাৰণে আমি প্ৰায় লোকেই দৈনিক কল খাওঁ । বহু পুষ্টিগুণেৰে সমৃদ্ধ কল খাবলৈ চিকিৎসকে আমাক উপদেশ দিয়ে । বিশেষকৈ নিয়মিত ব্যায়াম কৰা লোকে দৈনিক খাদ্য তালিকাত কল সংযোগ কৰা দেখা যায় । মিনাৰেল, ভিটামিন, ফাইবাৰ,পটাচিয়াম সমৃদ্ধ কল অত্যন্ত স্বাস্থ্যকৰ হোৱাৰ লগতে ই হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে । কল যে শৰীৰৰ কাৰণে উপকাৰী তাত কাৰো সন্দেহ নাই । কিন্তু উপকাৰী হ’লেও কল বেছি খোৱা উচিত নহয় ।

যিহেতু পুষ্টিবিদে জনাইছে যে , দৈনিক কল খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল নহয় । সেইয়ে আমি দৈনিক কল খালে হোৱা অপকাৰৰ কথা আলোচনা কৰিম ।

কোষ্ঠকাঠিন্য :– দৈনিক কল খালে কোষ্ঠকাঠিন্য হোৱাৰ ভয় থাকে । যিহেতু কলত প্ৰচুৰ পৰিমাণে ষ্টাৰ্চ আৰু ফাইবাৰ পেকটিন নামৰ এবিধ উপাদান থাকে । যি কোষ্ঠকাঠিন্য হোৱাত অৰিহণা যোগায় ।

হজমত ব্যাঘাত জন্মায় : শৰীৰৰ কাৰণে ফাইবাৰ খুবেই জৰুৰী যদিও অত্যাধিক ফাইবাৰে সমস্যাৰ সৃষ্টি কৰে । যিহেতু কল বেছি খালে শৰীৰে অতিৰিক্ত ফাইবাৰ লাভ কৰে । ফলত শৰীৰত পৰিপাক ক্ৰিয়াৰ বিসংগতি হৈ হজমত বাধা আহে ।

ওজন বৃদ্ধি হয় :- কলত কেলৰিৰ পৰিমাণ বেছি থকাৰ লগতে ই শৰীৰটো ঠাণ্ডা কৰি ৰাখে । সেয়েহে কল বেছি খালে ওজন বঢ়াৰ সম্ভাৱনা বৃদ্ধি পায় । এটা কলত প্ৰায় ১৫০ গ্ৰাম কেলৰি থাকে । তেনেক্ষেত্ৰত পুষ্টিবিদে দৈনিক দুটা কলতকৈ বেছি খাবলৈ বাধা প্ৰদান কৰিছে ।

দাঁতৰ সমস্যা বৃদ্ধি কৰে :- কলত শৰ্কৰাৰ পৰিমাণ বেছি থাকে । বেছি মিঠাজাতীয় খাদ্য দাঁতৰ কাৰণে বেয়া লগতে কলত থকা এচিডজাতীয় উপাদানে দাঁতৰ ক্ষয় কৰে । বি : দ্ৰ : এই প্ৰতিবেদনটো সাৱধানতা অৱলম্বন কৰিবলৈহে যুগুত কৰা হৈছে । স্বাস্থ্যৰ হানি কৰিব পৰা যিকোনো খাদ্য গ্ৰহণৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত ।

You May Also Like

More From Author