ঠাণ্ডা পৰাৰ লগে লগেই আপোনাৰ ছাল ফাটিছে , গাল ৰঙা পৰিছে নেকি ?

1 min read

শীত অহাৰ লগে লগেই আমাৰ ছালৰ বিভিন্ন সমস্যাৰ উদ্ভৱ হয় । বিশেষকৈ শীতত প্ৰায় সংখ্যক লোকৰ ছাল ফটা , গাল ৰঙা পৰাৰ দৰে সমস্যা হয় । সেইয়েহে শীতত আমি ছালৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন

সাধাৰণতে শীতত আমি বিভিন্ন ব্ৰেণ্ডৰ ক্ৰিম , লোচন আদি ব্যৱহাৰ কৰো । যিহেতু এই সময়ছোৱাত সমগ্ৰ পৰিবেশটোত ধূলিৰে পৰিপূৰ্ণ হৈ থাকে । যিটো কাৰণত বাহিৰলৈ ওলালেই আমি পুনৰ মুখখন ধুবলগীয়া হয় ।

এই ধূলি-বালি বেছিসময় আমাৰ ছালত লাগি থাকিলে ছালত এলাৰ্জিকে ধৰি বিভিন্ন সমস্যাৰ সৃষ্টি কৰে । যেনে – ছাল শুকান হৈ যোৱা , বলিৰেখা পৰা বা ছাল ফটাৰ দৰে জটিল সমস্যাৰ উদ্ভৱ হয় ।

এনে বেয়া প্ৰভাৱৰ পৰা ছালখনক ৰক্ষা কৰিবলৈ আমি ঘৰতে তৈয়াৰ কৰি লোৱা উপাদানেৰে পৰিচৰ্যা কৰিব পাৰো । শীতত ছালৰ পৰিচৰ্যা কৰা আটাইতকৈ উৎকৃষ্ট উপাদান হ’ল গ্লিচাৰিণ । কিন্তু অকল গ্লিচাৰিণ ব্যৱহাৰ কৰিলে ৰ’দত ওলালে আমাৰ ছাল কলা পৰাৰ ভয় থাকে ।

তেনেক্ষেত্ৰত গ্লিচাৰিণৰ লগত গোলাপ জল মিহলি কৰি ঘঁহিলে ছাল কলা পৰাৰ পৰা ৰক্ষা পোৱাৰ লগতে অধিক সু-ফল লাভ কৰিব পাৰি । এই দুই সামগ্ৰী একেলগ কৰি ঘঁহিলে ই ময়েশ্চাৰাইজাৰৰ কাম কৰে লগতে ই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে ।

বি : দ্ৰ : এই প্ৰতিবেদনটো তথ্যৰ ওপৰত আধাৰিত যদিও ছালৰ জটিল সমস্যা হ’লে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাতো বাঞ্চণীয় ।

You May Also Like

More From Author