কল খালে হয় হাতীৰ সমান বল…কিন্তু জানেনে খোৱাৰ সঠিক সময়

কল খালে হয় হাতীৰ সমান বল…কিন্তু জানেনে খোৱাৰ সঠিক সময়

কল সকলোৰে এবিধ প্ৰিয় ফল। কল স্বাস্থ্যৰ বাবে বহু উপকাৰী। কলে ভোক আৰু চৰ্বী কমোৱাত সহায় কৰে। কিন্তু কল খোৱাৰো সঠিক সময় থাকে, নহলে ই স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে।

খালী পেটত কেতিয়াও কল খাব নালাগেঃ

কলত যথেষ্ট পৰিমাণে পটেছিয়াম, ফাইবাৰ, মেগনেছিয়াম আৰু এছিড পোৱা যায় । বিশেষজ্ঞ সকলৰ মতে খালী পেটত কল খালে হজম সম্বন্ধীয় সমস্যাই দেখা দিব পাৰে, যাৰ বাবে খালী পেটত কল কেতিয়াও খাব নালাগে।

আনহাতে মেগনেছিয়াম পটেছিয়াম অধিক পৰিমাণে থাকে কাৰণে খালী পেটত কল খালে হৃদ ৰোগ হ’ব পাৰে, যাৰ বাবে খালী পেটত কল খোৱাৰ কথা সঠিক ভাৱে চিন্তা কৰিব লাগে।

খালী পেটত কল খালে শক্তি ঠিকেই পায় ভোক কমে যদিও অলপ সময়ৰ পিছত পুনৰ ভোক আৰু ভাগৰ লাগে, যাৰ বাবে পুৱাৰ আহাৰত কল থাকিব লাগে অকল কলেই নহয় আৰু লগত অন্য খাদ্যও থাকিব লাগে।

বহু লোকে ৰাতি শুৱাৰ সময়ত কল খায়, কিন্তু এনেধৰণৰ কাম কৰিব নালাগে। এনে কৰিলে ৰোগত আক্ৰান্ত হ’ব পাৰে ।

 

Shahnawaz Hamza

Related