শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱ

1 min read

আমাৰ দেশৰ নাগৰিকৰ শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷ ভিটামিন ‘ডি’ৰ অভাৱ আমাৰ দেশত খুব কম পৰিমাণেহে নির্ণয় (ডায়েগ্ণ’ছিছ) কৰা হয়৷ যাৰ ফলত উপযুক্ত চিকিৎসা কৰিব পৰা নাযায়৷ ভিটামিন ‘ডি’ৰ অভাৱত পয়ালগা ৰোগ (ৰিকেট), অষ্টি’প’ৰছিছ, য’ত হাড়বোৰ দুর্বল আৰু থুনুকা হৈ যায় আদি ৰোগ হয়৷ তদুপৰি ভিটামিন ‘ডি’য়ে বিভিন্ন ৰোগ প্রতিৰোধ কৰি শৰীৰ খুব স্বাস্থ্যৱান কৰি ৰাখিব পাৰে বুলি প্রমাণ হৈছে৷ সেইবাবে আমাৰ শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱ হৈছে নেকি সেইটো জনা অত্যন্ত আৱশ্যক৷

ভিটামিন ‘ডি’ শৰীৰৰ বাবে কিয় আৱশ্যকীয়
১. ভিটামিন ‘ডি’য়ে আমাৰ অন্ত্রৰ পৰা কেলচিয়াম শোষণ কৰাত সহায় কৰে৷ কেলচিয়ামে হাড় বৃদ্ধি আৰু হাড় সবল কৰি ৰাখে৷ ইয়াৰ অভাৱত হাড় পাতল আৰু থুনুকা হৈ পৰে৷
২. ভিটামিন ‘ডি’য়ে হূদযন্ত্র আৰু হাঁওফাঁওৰ স্বাস্থ্য সুৰক্ষা কৰে৷
৩. ভিটামিন ‘ডি’য়ে দেহত ইনছুলিনৰ মাত্রা নিয়ন্ত্রণ, ডায়েবেটিছ নিয়ন্ত্রণত সহায় কৰে৷
৪. ভিটামিন ‘ডি’য়ে বৃহৎ অন্ত্র (ক’লন), প্রষ্টেট আৰু স্তনৰ কর্কট ৰোগ প্রতিৰোধ কৰাত সহায় কৰে৷
৫. বয়োজ্যেষ্ঠ লোকৰ প্রায় ৮০ শতাংশ নিতম্বৰ (হিপ) হাড় ভগা ক্ষেত্রত ভিটামিন ‘ডি’ৰ অভাৱ পৰিলক্ষিত হৈছে৷
৬. ৰক্তত ভিটামিন ‘ডি’ৰ পৰিমাণ কমিলে বোধ অর্জন প্রক্রিয়া (কগনিছন)ত ব্যাঘাত জন্মে আৰু এলজেইমাৰ ৰোগৰ আশংকা বৃদ্ধি কৰে৷
৭. ইয়াৰ অভাৱত ভাইৰাছৰ দ্বাৰা আক্রান্ত ৰোগ যেনে– ইনফ্লুৱেঞ্জা, এইড্ছ, ক’ভিড–১৯ আদিৰ আশংকা বৃদ্ধি কৰে৷ কেইবাটাও সমীক্ষাত প্রমাণিত হৈছে যে ক’ভিড–১৯ ৰোগত আক্রান্ত হোৱা ব্যক্তিৰ শৰীৰত যদি ভিটামিন ‘ডি’ৰ অভাৱ থাকে, তেন্তে ব্যক্তিজনৰ অৱস্থা বেছি গুৰুতৰ হয় আৰু মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পায়৷
৮. শৰীৰত কম মাত্রাৰ ভিটামিন ‘ডি’ আৰু মনৰ বিষণ্ণতা (ডিপ্রেছন)ৰ মাজত সম্বন্ধ পোৱা গৈছে৷
৯. ভিটামিন ‘ডি’য়ে এজমা প্রতিৰোধ কৰে বুলি বিভিন্ন সমীক্ষাত পোৱা গৈছে৷

ভিটামিন ‘ডি’ৰ অভাৱ হোৱাৰ প্রৱণতা কোন ব্যক্তিৰ বেছি

১. আপোনাৰ বয়স যদি ৫৫ বছৰতকৈ বেছি ঃ বয়োজ্যেষ্ঠ ব্যক্তিৰ ছালে যুৱ অৱস্থাৰ ব্যক্তিৰ ছালৰ দৰে ভিটামিন ‘ডি’ প্রস্তুত কৰিব নোৱাৰে৷ বয়স বাঢ়ি অহাৰ লগে লগে বাহিৰত চলা–ফুৰা কৰাও কমি আহে৷ সেইবাবে বয়োজ্যেষ্ঠ ব্যক্তিৰ ভিটামিন ‘ডি’ৰ অভাৱ হোৱাৰ সম্ভাৱনা খুব বেছি৷
২. নিৰামিষভোজী ব্যক্তিসকল ঃ যিবিলাক খাদ্যত ভিটামিন ‘ডি’ থাকে, সেইবোৰ জন্তু বা প্রাণীৰ পৰা তৈয়াৰ কৰা খাদ্য৷ সেইবাবে নিৰামিষভোজী ব্যক্তিসকলৰ শৰীৰত ইয়াৰ অভাৱ হোৱাটো স্বাভাৱিক৷
৩. শৰীৰত চর্বিৰ মাত্রা বেছি হ’লে ঃ যিসকল ব্যক্তিৰ শৰীৰত চর্বিৰ মাত্রা বেছি বা বি এম আই ৩০ৰ ওপৰত হয়, তেনেহ’লে ভিটামিন ‘ডি’ অভাৱ হোৱাৰ সম্ভাৱনা বেছি৷
৪. কিছুমান ঔষধ ব্যৱহাৰ কৰিলে ঃ এলার্জী, এজমা আদিত ব্যৱহাৰ কৰা ঔষধ যেনে– ষ্টেৰয়ড, দেহৰ ওজন কমোৱা ঔষধ যেনে অর্লিষ্টেট আৰু কলেষ্টেৰলৰ মাত্রা কমোৱা ঔষধ যেনে কলেষ্টিৰামিন আদিয়ে শৰীৰত ভিটামিন ‘ডি’ প্রস্তুত কৰাত বাধা দিয়ে৷ এনেধৰণৰ ঔষধ ব্যৱহাৰ কৰা ব্যক্তিয়ে চিকিৎসকৰ পৰামর্শ লোৱা উচিত৷
৫. আপোনাৰ ছালৰ ৰং যদি ক’লা হয় ঃ বিভিন্ন সমীক্ষাত দেখা গৈছে যে বগা ছালৰ ব্যক্তিতকৈ ক’লা ছালৰ ব্যক্তিৰ শৰীৰত ভিটামিন ‘ডি’ৰ মাত্রা কম৷
৬. আপুনি যদি কোনো কার্যালয়ত চাকৰি কৰে ঃ যদি ৰাতিপুৱা ৯ বজাৰ পৰা সন্ধ্যা ৫ বজালৈকে চাকৰি কৰে, তেন্তে আপুনি সূর্যৰ পোহৰত ওলোৱাৰ সম্ভাৱনা কুব কম৷ যাৰ ফলত শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱ ঘটে৷
৬. যিসকল ব্যক্তিৰ অনবৰতে গাঁঠি আৰু মাংসপেশীৰ বিষ হৈ থাকে ঃ অনবৰতে গাঁঠি বা মাংসপেশীৰ বিষ হৈ থাকিলে চিকিৎসকৰ দ্বাৰা ৰক্তত ভিটামিন ‘ডি’ৰ মাত্রা পৰীক্ষা কৰা আৱশ্যক৷ ব্যায়াম বা দৌৰৰ পাছত মাংসপেশীৰ বিষ অনুভৱ হ’লেও ভিটামিন ‘ডি’ৰ মাত্রা পৰীক্ষা কৰা আৱশ্যক৷
৭. মানসিক বিষণ্ণতাত ভোগা ব্যক্তিসকল ঃ ব্রিটেইনত কৰা এটা ডাঙৰ সমীক্ষাত দেখা গৈছে যে মানসিক বিষণ্ণতাত ভোগা ৰোগীসকলৰ মাজত ৰক্তত ভিটামিন ‘ডি’ৰ মাত্রা আন ব্যক্তিসকলতকৈ দুগুণ কম৷
৮. দীর্ঘদিন মূৰৰ বিষয় ভুগি থকা ব্যক্তিসকল ঃ ৰক্তত একেবাৰে কম মাত্রাত ভিটামিন ‘ডি’ থকা ব্যক্তিসকলৰ মূৰৰ বিষৰ সম্ভাৱনা দুগুণ বেছি৷
ভিটামিন ‘ডি’ৰ অভাৱ হৈছে বুলি কেনেকৈ নিশ্চিত হ’ব- একমাত্র ৰক্ত পৰীক্ষাৰ দ্বাৰা শৰীৰত ভিটামিন ‘ডি’ৰ মাত্রা জানিব পাৰি৷ এই বিষয়ে চিকিৎসকৰ পৰামর্শ লওক৷

ভিটামিন ‘ডি’ৰ অভাৱ কেনেকৈ প্রতিৰোধ কৰিব-
১. সূর্যৰ পোহৰত আমাৰ শৰীৰত ভিটামিন ‘ডি’ প্রস্তুত হয়৷ সপ্তাহত ২ৰ পৰা ৩ দিন হাত, ভৰি আৰু গাত ২ মিনিটৰ বাবে ৰ’দ পৰিবলৈ দিলে শৰীৰত যথেষ্ট ভিটামিন ‘ডি’ প্রস্তুত হয়৷ কিন্তু বেছি সময় ৰ’দত থকা ছালৰ বাবে ক্ষতিকাৰক৷ ৰ’দ লওঁতে ছানস্ক্রীন ক্রীম বা ল’চন ব্যৱহাৰ কৰিব নালাগে৷
২. ভিটামিন ‘ডি’ৰ আন এটা উৎস হৈছে খাদ্যাংশই বেছি পৰিমাণে থকা খাদ্যসমূহ হ’ল চর্বিযুক্ত মাছ যেনে– মেকেৰেল, চাৰডিনছ, টুনা, কডলিভাৰ অইল, কণীৰ কুহুম, ভিটামিন ‘ডি’ মিহলাই বনোৱা (ফর্টিফাইড) গাখীৰ, পুৱাৰ জলপান বা ফলৰ ৰস৷ এনেবোৰ খাদ্যৰ পেকেটৰ ওপৰত ভিটামিন ‘ডি’ ফর্টিফাইড বুলি লিখা থাকে৷ ভিটামিন ‘ডি’ থকা খাদ্যসমূহ নিয়মীয়াকৈ গ্রহণ কৰক৷
৩. ভিটামিন ‘ডি’ কেপছুল বা ছিৰাপ– বিভিন্ন মাত্রাৰ ভিটামিন ‘ডি’ৰ কেপছুল বা ছিৰাপ ঔষধৰ দোকানত পোৱা যায়৷ চিকিৎসকৰ পৰামর্শ অনুসৰিহে এনে কেপছুল বা ছিৰাপ ব্যৱহাৰ কৰিব৷
অত্যধিক ভিটামিন ডি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক

সজাগতা ঃ ভাৰতবর্ষত যিহেতু ৭০ শতাংশতকৈ অধিক লোক ভিটামিন ডিৰ অভাৱত ভোগে, সেইবাবে প্রত্যেক ব্যক্তিয়ে নিজৰ ৰক্ত পৰীক্ষাৰ দ্বাৰা শৰীৰত ভিটামিন ডিৰ মাত্রা কিমান আছে তাক জনা আৱশ্যক৷ ভিটামিন ডিৰ অভাৱ পৰিলক্ষিত হ’লে চিকিৎসকৰ দ্বাৰা উপযুক্ত চিকিৎসা কৰি নিজকে সুস্থ, সবল আৰু নিৰোগী কৰি ৰাখক৷

 

You May Also Like

More From Author