বড়ো ভাষাক দেখি বাংলাকো সহযোগী ভাষা কৰাৰ দাবী কংগ্ৰেছী বিধায়কৰ, সদনত বিতৰ্ক

1 min read

আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনটোত দ্য আছাম অফিচিয়েল লেংগুৱেজে (এমেণ্ডমেণ্ট) বিল, ২০২০ অনুযায়ী বি টি আৰ চুক্তি মতে বড়োভাষাক অসমৰ সহযোগী ভাষা ৰূপে স্বীকৃতি দিয়া হয়।

কিন্তু বিধেয়কখন গৃহীতকৰণৰ ক্ষেত্ৰত সংশোধনীৰ প্ৰস্তাৱ আনে কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই। বঙালী জাতীয়তাবাদৰ পৃষ্ঠপোষক দে’ই বাংলাভাষাকো এই সংশোধনীৰ জৰিয়তে সহযোগী ভাষা ৰূপে স্বীকৃতি দিবলৈ দাবী জনায়।

সংশোধনী প্ৰস্তাৱত পুৰকায়স্থই কয়- ‘বড়ো ভাষাক সহযোগী কৰাত আমাৰ আপত্তি নাই ৷ কিন্তু বঙালী ভাষীৰ সংখ্যা অসমত বহুত ৷ সেয়ে বাংলা ভাষাকো সহযোগী ভাষা হিচাপে স্বীকৃতি দিব লাগে ৷’

এই ক্ষেত্ৰত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বি টি আৰ চুক্তিৰ প্ৰসংগ টানি আনি এই চুক্তিমৰ্মেহে যে বড়ো ভাষাক মৰ্যাদা দিয়া হৈছে, সেই সম্পৰ্কত উল্লেখ কৰে। কিন্তু নাছোৰবান্দা কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ।

বাংলা ভাষা পুনঃপ্ৰৱৰ্তনৰ দাবীত অটল থকা পুৰকায়স্থৰ স্থিতি দেখি শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হৈ সদনত কয়- ‘বড়ো ভাষা অসমৰ সংৰক্ষিত অঞ্চলত কংগ্ৰেছৰ দিনতে ১৯৮৫তে অফিচিয়েল লেংগুৱেজ আছিল ৷ এতিয়া সেই বাধা উঠাই দি সমগ্ৰ অসমতে সহযোগী ভাষা কৰা হৈছে ৷ ভূমিপুত্ৰক কিবা এটা দিলে বাকীসকলে জেদ কৰিব নালাগে ৷ বিশ্ববৰেণ্য বাংলা ভাষাক সহযোগী ভাষা কৰিলে কেনে হ’ব? মই কেতিয়াও নাভাবো যে বাঙালীসকলে ইয়াক সহজে নল’ব ৷’

বৃন্দাবন গোস্বামীকে ধৰি বহুকেইগৰাকীৰ বুজনি-পৰামৰ্শয়ো সৈমান কৰিব নোৱাৰা বৰাকৰ বিধায়ক পুৰকায়স্থৰ অভিমানৰ মাজতে শেষত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ আহ্বানমৰ্মে কমলাক্ষ দে’ৰ সংশোধনী প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ ইয়াৰ লগে লগে সদনত গৃহীত হয় বড়ো ভাষাৰ মৰ্যাদা।

You May Also Like

More From Author