30.2 C
Assam
Sunday, August 14, 2022

Featured News

Assam: Hindu man’s body buried after villagers refused to assist with cremation, exhumed

District administration officials in Assam's Darrang have...

BTC EM Wilson Hasda takes part in Bike Rally as part of #AzadiKaAmritMahotsav

Gossaigaon: Bodoland Territorial Council(BTC) Executive Member(EM) on...

বৰপেটা আইন মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ

Assamese Newsবৰপেটা আইন মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ

৫০ বছৰীয়া হ’ল বৰপেটা আইন মহাবিদ্যালয় (Barpeta Law College) ৷ আইন মহাবিদ্যালয় খনৰ ৫০ বছৰীয়া যাত্ৰাক উদযাপনৰ বাবে বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে । মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী (Golden jubilee) বৰ্ষ উপলক্ষ্যে বছৰজোৰা কাৰ্যসূচীৰ মঙলবাৰে শুভাৰম্ভ কৰা হয় ।

ক’ভিড পৰিস্থিতিৰ (Covid situation) বাবে আইন মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ সকলো আনুষ্ঠানিকতা বাদ দি নাম প্ৰসংগৰ আয়োজন কৰিয়েই সোণালী জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচী মুকলি কৰা হয় ৷ সোণালী জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীত বিভিন্ন সময়ত আলোচনা সভা, বক্তৃতানুষ্ঠান আৰু সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হ’ব ৷ ইফালে সোণালী জয়ন্তীৰ শুভাৰম্ভ কাৰ্যসূচীত জিলা উপায়ুক্তৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

মহাবিদ্যালয়খনৰ বৰ্তমানৰ আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলেও কাৰ্যসূচীত অংশগ্ৰহণ কৰে । অধ্যক্ষগৰাকী আশা কৰা মতে পৰিস্থিতি সুস্থিৰ হ’লে সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান জাক জমকতাৰে আয়োজন কৰিব । সামৰণি অনুষ্ঠানৰ বাবে ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিকো নিমন্ত্ৰণ জনোৱাৰ কথা উল্লেখ কৰিছে অধ্যক্ষগৰাকীয়ে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: