এইবাৰ শিক্ষকৰ বিৰুদ্ধে ৯ বছৰীয়া কন্যা শিশু ধৰ্ষণৰ অভিযোগ

1 min read

বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পলাশগুৰীত এগৰাকী ৯ বছৰীয়া কণমানিক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপন হৈছে ১ নং ভোগপাৰা গাঁৱৰ মানিক নাথ নামৰ প্ৰায় ৪৫ বছৰ বয়সীয়া শিক্ষকৰ বিৰুদ্ধে ৷

পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, শিক্ষকজনে দীৰ্ঘদিন ধৰি মাক-দেউতাকৰ অনুপস্থিতিৰ সুযোগ লৈ বিভিন্ন প্ৰলোভন আৰু ভয়-ভাবুকিৰে কণমানিগৰাকীক যৌন নিৰ্যাতন চলাই আহিছিল ৷ কণমানিগৰাকীয়ে অৱশ্যে সেই নিৰ্যাতনৰ কথা বহুদিনৰ আগতেই মাক-দেউতাকক অৱগত কৰিছিল ৷

কিন্তু কোনো প্ৰমাণ নথকাত দৰিদ্ৰ পৰিয়ালটোৱে শিক্ষকগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল ৷ অৱশেষত কণমানিগৰাকীয়ে নিজেই দেউতাকৰ মোবাইল ফোনটো লৈ সমগ্ৰ ঘটনা ৰেকৰ্ড কৰি ৰাখিছিল ৷ ইয়াৰ পাচতে মাক-দেউতাক সেই ভিডিঅ’ ক্লিপ প্ৰদান কৰে কণমানিগৰাকীয়ে ৷

ঘটনাৰ উপযুক্ত প্ৰমাণ সহ মুছলপুৰ আৰক্ষী থানাত শিক্ষক গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে পৰিয়াল লোকে ৷ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত বৰ্তমান মুছলপুৰ আৰক্ষীয়ে শিক্ষক গৰাকীক আটক কৰাৰ লগতে POCSO আইনৰ অধীনত ৯১/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰে ।

ইফালে, অমৰাবতী মধ্য ইংৰাজী বিদ্যালয়ত কৰ্মৰত শিক্ষক গৰাকীৰ এনে কৰ্মকাণ্ডই স্বাভাৱিকতে হতচকিত কৰি তুলিছে মুছলপুৰৰ ৰাইজক । এখন সমাজক লজ্জানত এনে কাৰ্যৰ বাবে শিক্ষক গৰাকীক উচিত শাস্তি দিবৰ বাবে দাবী তুলিছে অঞ্চলটোৰ সচেতন লোকে ৷

You May Also Like

More From Author