fbpx
September 1, 2021

মহানগৰীৰ মাজমজিয়াত দিন-দুপৰতে ১৪ বছৰীয়া কিশোৰীক নৃশংস হত্যাকাণ্ড

গুৱাহাটীৰ উজান বজাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ তথা জঘন্য হত্যাকাণ্ড ৷ উজান বজাৰৰ এটা ভাড়াঘৰৰ কোঠাত দুৰ্বৃত্তই নিৰ্মমভাৱে হত্যা কৰে এগৰাকী ১৪ বছৰীয়া কিশোৰীক ৷ মৃত কিশোৰীগৰাকীৰ ডিম্পল কোমাৱত বুলি জানিব পৰা হৈছে ৷

গুৱাহাটী ক্লাৱৰ এঞ্জেলছ্ অৱ গডৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী ডিম্পল ৷ ঘৰত কোনো নথকা সময়ত সংঘটিত হয় এই জঘন্য হত্যাকাণ্ডটো ৷ দুৰ্বৃত্তই চুৰি,কুকাৰ আৰু পতাগুটিৰে অতি নিৰ্মমভাৱে হত্যা কৰে কিশোৰীগৰাকীক ৷

ডিম্পলৰ মাতৃ-পিতৃ উজান বজাৰত এখন ৰেষ্টুৰেন্টৰ স্বত্বাধিকাৰী ৷ পুৱা মাতৃ-পিতৃ ৰেষ্টুৰেণ্টলৈ ওলাই যোৱাৰ পাছতেই সংঘটিত হয় এই হত্যাকাণ্ড ৷ দুপৰীয়া প্ৰায় ১২ বজাত ডিম্পলৰ জেঠায়েকে প্ৰত্যক্ষ কৰে কিশোৰীগৰাকীৰ মৃতদেহ ৷

জেঠায়েকে উল্লেখ কৰা অনুসৰি, তেওঁ ঘৰটোত প্ৰৱেশ কৰাৰ সময়ত ঘৰৰ দুৱাৰ খোলা আছিল ৷ ডিম্পলৰ দেহৰ বিভিন্ন অংশত চুৰিৰে আঘাত কৰাৰ লগতে কুকাৰেৰে প্ৰহাৰ কৰাৰ লগতে পতাগুটিৰেও মূৰত প্ৰহাৰ কৰিছিল হত্যাকাৰীয়ে ৷

error: Content is protected !!
%d bloggers like this: