বেবেজীয়া আঞ্চলিক ব্ৰাহ্মণ সমাজৰ বাৰ্ষিক অধিবেশন সম্পন্ন
অজিত শৰ্মা সভাপতি-জিতেন ভট্টাচাৰ্য সম্পাদক
নিউজ ব্যুৰ’,নগাঁও ২৭নবেম্বৰ– ১৯৭৫ চনত প্ৰতিষ্ঠা হোৱা অসম ব্ৰাক্ষণ সমাজৰ অন্তৰ্গত নগাঁও জিলাৰ বেবেজীয়া আঞ্চলিক ব্ৰাক্ষণ সমাজৰ বাৰ্ষিক অধিবেশনখনি আজি অনুষ্ঠিত হৈ যায় । বেবেজীয়া আঞ্চলিক সাৰ্বজনীন পূজা মন্দিৰত অনুষ্ঠিত অধিবেশনৰ আৰম্ভণিতে পুৱা ধৰ্মধ্বজা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আঞ্চলিকৰ সভাপতি ভাৰত শৰ্মাই আৰু বন্তি প্ৰজ্বলন কৰে মহিলা সমিতিৰ সম্পাদিকা অঞ্জলি গোস্বামীয়ে । ইয়াৰ পাছতে ভাৰত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সম্পাদক নৰেন্দ্ৰ নাথ শৰ্মা, আঞ্চলিকৰ উপদেষ্টা কৃষ্ণ মোহন শৰ্মা,প্ৰাক্তন সভাপতি ভবেন বাগীশ,প্ৰাক্তন সম্পাদকদ্বয় ৰমা কান্ত শৰ্মা আৰু অৰূপ বেজবৰা আৰু বাণী কান্ত শৰ্মাই ভাষণ আগবঢ়ায় ।
আঞ্চলিকৰ সম্পাদক ধ্ৰুৱ জ্যোতি বৰঠাকুৰে উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাৰ আৰম্ভণিতে সমাজৰ সদ্য প্ৰয়াত বহুকেইজন সদস্য-সদস্যাৰ বিয়োগত মৌন প্ৰাৰ্থনা কৰা হয় । ইয়াৰ পাছতে সম্পাদক ধ্ৰুৱ জ্যোতি বৰঠাকুৰ আৰু সম্পাদিকা অঞ্জলি গোস্বামীয়ে বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে । আজিৰ মুকলি সভাতে সৰ্বসন্মতি মৰ্মে অজিত শৰ্মাক সভাপতি,তুলসী বৰঠাকুৰ আৰু ৰত্ন শৰ্মাক উপ সভাপতি,অৰূপ বেজবৰাক কাৰ্যকৰী সভাপতি,জিতেন ভট্টাচাৰ্যক সম্পাদক,ৰবীন শৰ্মা আৰু অৰূপ শৰ্মা বৰুৱাক সহকাৰী সম্পাদক,ভাৰত শৰ্মা আৰু ধ্ৰুৱ জ্যোতি বৰঠাকুৰক জিলা পদেন সদস্য তথা অমৰ জ্যোতি শৰ্মা,ফণীন্দ্ৰ শৰ্মা আৰু ঋতু পৰ্ণ শৰ্মাক কাৰ্যনিৰ্বাহক সদস্য ৰূপে লৈ বেবেজীয়া আঞ্চলিক ব্ৰাহ্মণ সমাজৰ নতুন সমিতিখন পুনৰ গঠন কৰা হয় । আজিৰ মুকলি সভাতে বেবেজীয়াৰ সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক ভাৰত শৰ্মা আৰু মাখনি শৰ্মাই বেবেজীয়া আঞ্চলিক ব্ৰাহ্মণ সমাজৰ কাৰ্যালয়ৰ বাবে বেবেজীয়া-কুৰুৱাবাহী গড়কাপ্টানী পথৰ কাষত এডোখৰ ভূমি দান কৰাৰ কৰাৰ কথা ঘোষণা কৰে । সভাত উপস্থিত সকলোৱে ভূমি দাতা ভাৰত শৰ্মা আৰু সহধৰ্মিনী মাখনি শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শলাগ লয় । অধিবেশনত আঞ্চলিকৰ মহিলা সদস্যাসকলো উপস্থিত থাকে । বিয়লি ধৰ্মধ্বজা অৱতৰণেৰে দিনজোৰা অধিবেশনৰ সামৰণি মৰা হয় ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও
