বিহাৰৰ ভাগলপুৰৰ বিক্ৰমশীলা হিন্দী বিদ্যাপীঠে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিহালীৰ লক্ষ্মীকান্ত শৰ্মাক ডক্টৰেট ডিগ্ৰী প্ৰদান

বিহাৰৰ ভাগলপুৰৰ বিক্ৰমশীলা হিন্দী বিদ্যাপীঠে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিহালীৰ লক্ষ্মীকান্ত শৰ্মাক ডক্টৰেট ডিগ্ৰী প্ৰদান

দেওবাৰে ৫নৱেম্বৰত বিহাৰৰ ভাগলপুৰৰ বিক্ৰমশীলা হিন্দী বিদ্যাপীঠে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিহালীৰ লক্ষ্মীকান্ত শৰ্মাক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰাত, বুধবাৰে শৰ্মাকৰ বাসগৃহত দ’ল সংগঠনৰ সম্বৰ্ধনা জ্ঞাপন


বিদ্যাবাস্পতি উপাধি প্ৰদান।
বিহালী সমষ্টিৰ নাচবৰ নিবাসী বিশিষ্ট সাহিত্যিক, নাট্যকাৰ, কবি, সমাজকৰ্ম্মী, অৱসৰ প্ৰাপ্ত শিক্ষক তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ লক্ষী কান্ত শৰ্মাক ৫নৱেম্বৰত বিহাৰৰ ভাগলপুৰৰ বিক্ৰমশীলা হিন্দী বিদ্যাপীঠে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেখেতৰ সৃষ্টি ৰাজিক সন্মান জনাই বিদ্যাবাস্পতি উপাধি প্ৰদান কৰে। অসমীয়া, হিন্দী, ইংৰাজী, আৰু নেপালী চাৰিটা ভাষাতে সমান দখল থকা শৰ্ম্মা ডাঙৰীয়াই ইতিমধ্যে বহু কেইখন গ্ৰন্থ প্ৰকাশ কৰিছে। আজি পুৱা তেখেত ৰেল যোগে বেদেতী ৰেলষ্টেচন আহি পোৱাত বহু কেইগৰাকী গুণমুগ্ধই আদৰণি জনায়। উল্লেখযোগ্য যে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ পিছতো তেখেতৰ কলম থমকি ৰোৱা নাছিল, বৰঞ্চ এক দুৰন্ত তৰুণ হৈ দুৰ্দ্দান্ত সাহসীকতাৰে সমাজ সেৱা কৰি যোৱাটো বহু জনৰ বাবে আৰ্দশৰ পাথেয়। লক্ষীকান্ত শৰ্ম্মাৰ এই সন্মান প্ৰাপ্তিয়ে আঞ্চলটোক গৌৰাম্বিত কৰিলে। তেখেতলৈ জনালো অভিনন্দন। এই কাৰ্যসূচীত আমা ক’লা কুঞ্জ,আৰ এল বিদ্যালয়, বিহালী প্ৰেছ ক্লাব, উদ্দীপ্ত চ’ৰা আদি । প্ৰতিবেদন -বিহালী

GTM Desk

Related