বিহুৰ অনুষ্ঠান চাবলৈ নিয়াৰ চলেৰে যুৱতীক বলাৎকাৰৰ চেষ্টা ৫ যুৱকৰ

1 min read
কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰংমহলত এগৰাকী যুৱতীক কেইবাজনো যুৱকে দলবদ্ধ ধৰ্ষণ কৰিবলৈ উদ্যত হোৱাৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে৷ প্ৰাপ্ত খবৰ অনুসৰি, ২৮ এপ্ৰিলৰ নিশা ৰংমহল পথাৰৰ পৰা এগৰাকী যুৱতীয়ে দৌৰি দৌৰি আশ্ৰয় লয় ৰংমহলৰ এঘৰত। ৫ জনীয়া যুৱকৰ এটা দলে যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিয়োগ উঠিছে ।
জানিব পৰা‌ মতে যুৱতীগৰাকীৰ ঘৰ বৰপেটাৰ কয়াকুছিত৷ যুৱতীগৰাকী গুৱাহাটী উলুবাৰীৰ টেৰামাণ্ড নামৰ প্ৰতিষ্ঠানত কৰ্মৰত।‌ ২১ বছৰীয়া যুৱতীগৰাকীক বিহুৰ অনুষ্ঠান দেখুওৱাৰ চলেৰে মাতি আনিছিল ত্ৰিদিব শইকীয়া আৰু লাচিত দাস নামৰ দুই যুৱকে। গুৱাহাটী ভঙাগড়ৰ পৰা AS 01 EE 8493 নম্বৰৰ ছুইফট বাহনেৰে উত্তৰ গুৱাহাটীলৈ আনিছিল যুৱতীগৰাকীক।

মাজবাটত নিচাযুক্ত দ্ৰৱ্য সেৱন কৰাই ছুইফট বাহনৰ ভিতৰত আৰু উত্তৰ গুৱাহাটী ৰংমহলৰ পথাৰত ৫ জন যুৱকে মিলি দলবদ্ধ ধৰ্ষণৰ অপচেষ্টা চলাই যুৱতীগৰাকীক৷ পাঁচ যুৱকৰ উপৰ্যুপৰি যৌন আতিশায্যৰ বেহু ফালি অৱশেষত যুৱতীগৰাকীয়ে আশ্ৰয় লয় অচিনাক্ত লোকৰ ঘৰত।
ঘটনাৰ অভিযুক্ত ক্ৰমে ত্ৰিদিব শইকীয়া, লাচিত দাস, ভৰত মেধি, পাপু দাস, বাবলা তামুলীসহ আটাইকেইজনৰে ঘৰ উত্তৰ গুৱাহাটী ৰংমহলৰ নাজিৰাখাটত বুলি জানিব পৰা গৈছে।‌ যুৱতীয়ে আশ্ৰয় লোৱা গৃহস্থৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে যুৱতীগৰাকীক। ইতিমধ্যে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ত্ৰিদিব শইকীয়া আৰু লাচিত দাসক৷ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৩৭৯/৩৭৬/৫১১ নং ধাৰাত এটা গোচৰ ৰুজু কৰি ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে।
আনহতে ঘটনাত জড়িত আন তিনিজন যুৱক ক্ৰমে ভৰত মেধি, পাপু দাস, বাবলা তামুলীক আৰক্ষীয়ে আটক সক্ষম হোৱা নাই। পলাতক তিনিওজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে। আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত পলাতক তিনিওজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি প্ৰতিশ্ৰুতি দিছে।

You May Also Like

More From Author