দখলীকৃত দোকান খালী কৰিবলৈ ব্যৱসায়ীক 48 ঘন্টা সময় দিলে বীৰ লাচিত সেনাই

দখলীকৃত দোকান খালী কৰিবলৈ ব্যৱসায়ীক 48 ঘন্টা সময় দিলে বীৰ লাচিত সেনাই

শিৱসাগৰৰ এগৰাকী অকলশৰীয়া দুৰ্ভগীয়া মহিলাৰ কৰুণ কাহিনী ৷ মহিলা গৰাকীৰ অকলশৰীয়াৰ আৰু দুৰ্বলতাৰ সুযোগলৈ এক অসাধু চক্ৰই সম্পত্তি জোৰ-জবৰদস্তি কাঢ়ি ল’ব বিচৰাৰ সময়তে মহিলা গৰাকীৰ কাষত ঠিয় হ’ল বীৰ লাচিত সেনা ৷ অসাধু ব্যৱসায়ী গৰাকীক বীৰ লাচিত সেনাই সকিয়নী প্ৰদান কৰাৰ লগতে ৪৮ ঘণ্টাৰ ভিতৰত দখল কৰা দোকান ঘৰ খালী কৰি দিবলৈ দাবী কৰে সংগঠনটোৱে ।

দুৰ্ভগীয়া মহিলাগৰাকীৰ অভিযোগ অনুসৰি, দোকানঘৰ খালী কৰিবলৈ ক’লেই বিভিন্ন ভয়-ভাবুকি প্ৰদান কৰে ব্যৱসায়ী পালে । যিহেতু ননী দেৱীৰ সাৰথি কেৱল এজন ৰোগীয়া পুত্ৰ । মহিলা গৰাকীৰ অসুখীয়া পুত্ৰ চিন্ময় শৰ্মাক তিনিমাহৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসাৰ ব্যৱস্থা কৰিছিল ।

শনিবাৰে এইগৰাকী মহিলাৰ কাষত বীৰ লাচিত সেনা থিয় হৈ নাৰায়ন পালক ৪৮ ঘণ্টাৰ ভিতৰত দোকান ঘৰ খালী কৰাৰ সময়সীমা বান্ধি দিয়ে । অন্যথা ভয়াৱহ পৰিস্থিতি সৃষ্টি হ’ব বুলি সকিয়াই দিয়ে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই । আনহাতে বীৰ লাচিত সেনাই অসম চৰকাৰৰ কেবিনেটত প্ৰস্তাৱ লোৱা অসম ভাড়াতীয়া আইনখন শীঘ্ৰে বলৱৎ কৰি এনে দুষ্কাৰ্য ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ।

 

GTM Desk

Related