Advertisement

নখ কামোৰা সমস্যা! নখ কামোৰাৰ অভ্যাস থকা শিশুসকলৰ পিতৃ–মাতৃৰ বাবে এটা সুখবৰ!

নখ কামোৰা সমস্যা! নখ কামোৰাৰ অভ্যাস থকা শিশুসকলৰ পিতৃ–মাতৃৰ বাবে এটা সুখবৰ!

নতুন দিল্লীৰ কলাৱতীচৰণ শিশু চিকিৎসালয়ত ৯০০০ শিশুৰ ওপৰত চলোৱা এটা অধ্যয়নৰ পৰা এই কথা প্রমাণিত হৈছে যে প্রায় ৪০ শতাংশ শিশুৰেই নখ কামোৰা অভ্যাস থাকে আৰু এই শিশুসকলৰ সৰহভাগৰেই বয়স ৫–১০ বছৰ৷ এই অভ্যাস গঢ় লৈ উঠা কাৰণবোৰৰ ভিতৰত উল্লেখ কৰিব পাৰি পিতৃ–মাতৃৰ বিচ্ছেদ, মাক–দেউতাক বা শিক্ষকৰ কঠোৰ অনুশাসন, পৰীক্ষাৰ প্রতি অহেতুক ভয়, প্রয়োজনাধিক ঘৰুৱা নিয়ন্ত্রণ, অধিক ভয় আৰু উত্তেজনা আদি৷
নখ কামোৰাৰ অভ্যাস থকা শিশুসকলৰ পিতৃ–মাতৃৰ বাবে এটা সুখবৰ যে এনে শিশুসকল অধিক সক্রিয় আৰু কঠোৰ পৰিশ্রম কৰিব পৰা বিধৰ হয়৷ কিন্তু এনে সময়তে ইহঁত হয় অস্থিৰ, চঞ্চল প্রকৃতিৰ৷ নখ কামোৰা অভ্যাসৰ বাবে আঙুলিত ঘা হ’ব পাৰে৷ ডিচেণ্ড্রি আদিৰ দৰে অসুখো হ’ব পাৰে৷
শিশুৰ নখ কামোৰা অভ্যাস এৰুৱাবলৈ যিবোৰ কাৰণৰ বাবে শিশুটোৰ এই অভ্যাস গঢ় লৈ উঠে তাকহে আঁতৰাবলৈ যত্ন কৰিব লাগে৷ এই কাৰকসমূহৰ পৰা শিশুৰ মন যিমানদূৰ সম্ভৱ আঁতৰাই ৰাখিব লাগে৷ মনটো আন বিষয়ৰ প্রতি আকৃষ্ট কৰি সিহঁতক নিজৰ প্রিয় কাম কৰিবলৈ সুযোগ দিব লাগে৷ তদুপৰি মনে বিচৰা সমনীয়াৰ সংগ উপভোগ কৰিবলৈ দিব লাগে৷ নখ কামোৰা অভ্যাস আঁতৰাবলৈ শিশুক গালি–শপনি পৰা, শাস্তি দিয়া বা নখত জ্বল, তিতা আদি সানি দিয়া পদ্ধতি অবৈজ্ঞানিক৷ কাৰণ এনে কৰিলে শিশুৱে বাধ্য হৈ নখ কামোৰা অভ্যাস ত্যাগ কৰিলেও সি একে সময়তে আন কিছু বদ অভ্যাস বুটলিব পাৰে৷
একো কাৰণ নোহোৱাকৈ শিশু এটাই যদি বহুদিনলৈ নখ কামোৰা অভ্যাসৰ বলি হৈ থাকে, তেন্তে মনোৰোগ বিশেষজ্ঞৰ পৰামর্শ লোৱা উচিত৷ কাৰণ বহুক্ষেত্রত তাৰ নখ কামোৰাৰ কাৰণসমূহ আমাৰ দৃষ্টিগোচৰ নহ’বও পাৰে, যিবোৰ চিনাক্ত কৰাটো এজন চিকিৎসকৰ পক্ষেহে সম্ভৱ, যাৰ জৰিয়তে সহজে তাৰ এই বদ অভ্যাস আঁতৰ কৰিব পৰা যায়৷

Shahnawaz Hamza

Related