সন্তানহীনতাৰ সহজ আয়ুর্বেদিক চিকিৎসা!

1 min read
  • ডাঃ নিতুল বৈশ্য

আজি কিছু বছৰ আগলৈ ছোৱালী সন্তান জন্মৰ ধাৰণাটোক এচাম অশিক্ষিত–ন্ধবিশ্বাসী আৰু তথাকথিত শিক্ষিত সমাজ ব্যৱস্থাই সহজভাৱে গ্রহণ কৰিব পৰা নাছিল৷ কন্যা সন্তানক পৰিয়ালৰ বোজা বুলি আৰু পুত্র সন্তান জন্মদাত্রী মাতৃক ঈশ্বৰৰ আশিসধন্য বুলি গণ্য কৰাৰ বিক্ষিপ্ত ধ্যান–ধাৰণাক স্বৰাজোত্তৰ শিক্ষা ব্যৱস্থাই পোহৰাব পৰা নাছিল ৷
সময় সলনি হ’ল, ধাৰণাৰ পৰিৱর্তন হ’ল৷ সমাজে মহিলাৰXX আৰু পুৰুষৰXY ক্রম’জমৰ অস্তিত্বৰ উপলব্ধি কৰিলে, সন্তানৰ লিংগ নির্ধাৰণত পুৰুষেহে প্রধান ভূমিকা পালন কৰা কথাটো সমাগত সময়ৰ আঁহে আঁহে মানুহে বুজি উঠিল ৷
আজিৰ দিনত স্ত্রী সমাজে সন্মুখীন হোৱা আন এটি প্রত্যাহ্বান হ’ল– সন্তানহীনতা৷ ফলশ্রুতিত পৰিয়ালৰ ককর্থনা, সমাজৰ দোষাৰোপ৷ পৰিণতিত লাজ, শংকা আৰু তীব্র মানসিক উদ্বেগ৷ কিন্তু আজি এই কথা বুজি উঠাৰ সময় সমাগত যে সন্তানহীনতাৰ বাবে অকল মহিলাগৰাকীয়েই দায়ী নহয়৷ সন্তানহীনতাৰ ৩০ শতাংশ দোষ মহিলাৰ ফালৰ, ৩০ শতাংশ দোষ পুৰুষৰ ফালৰ, ৩০ শতাংশ পুৰুষ–মহিলা দুয়োজনৰ ফালৰ আৰু ১০ শতাংশ সন্তানহীনতা অজান কাৰণত উৎপন্ন হয়৷ সেয়েহে সন্তানহীন দম্পতীয়ে সন্তানহীনতাৰ বাবে কেৱল স্ত্রীগৰাকীকেই দোষাৰোপ নকৰি পুৰুষজনৰো প্রয়োজনীয় নির্ধাৰিত পৰীক্ষা–নিৰীক্ষা (যেনে –sperm Examination আদি) কৰাই লোৱা দৰকাৰ৷
অৱশ্যে আমি আজি এই লেখাত মহিলাৰ লগত জড়িত সন্তানহীনতাৰ কিছু কাৰণ আৰু তাৰ সমাধান সম্পর্কেহে আলোচনা কৰিমহঁক৷
পৈণত বয়সৰ কোনো এহাল দম্পতীয়ে কোনোধৰণৰ Physical, Chemical etc.) জন্মনিয়ন্ত্রক ব্যৱহাৰ নকৰাকৈ এবছৰ বা ততোধিক সময়ৰ বাবে নিয়মীয়া যৌন সংগম কৰাৰ পিছতো গর্ভধাৰণ কৰিবলৈ বিফল হ’লে, তাক বন্ধ্যাত্ব বুলি কোৱা হয়৷ মহিলাসকলৰ সন্তানহীনতা বা বন্ধ্যাত্ব বিভিন্ন কাৰণত হ’ব পাৰে৷ বন্ধ্যাত্ব আকৌ দুই ধৰণৰ হ’ব পাৰে– প্রাথমিক (যি মহিলাই আগতে কেতিয়াও গর্ভধাৰণ কৰা নাই) আৰু দ্বিতীয় অর্থাৎ (যি মহিলাই আগতে গর্ভধাৰণ কৰিছে, কিন্তু পৰৱর্তী গর্ভধাৰণ বিফল হৈছে)৷ মহিলাৰ ক্ষেত্রত এই বন্ধ্যাত্ব বিভিন্ন কাৰণত উদ্ভৱ হ’ব পাৰে৷ প্রজননতন্ত্রৰ সঠিক শাৰীৰিক গঠন Anatomical) আৰু সুচাৰু কার্যপ্রণালী গর্ভধাৰণৰ কাৰণে অপৰিহার্য৷ হৰম’নজনিত কাৰণOvulatory Dysfunction, Polycystic Ovarian Disease (PCOD), হাইপ’থেলামাছ–পিটুইটাৰী–’ভেৰিয়ান অক্ষৰ অসমতা, অনিয়মীয়া মাহেকীয়া, কর্পাছ লুটিয়েল ডিফেক্ট, ফেলোপিয়ান টিউবৰ ব্লক অথবা ইনফেকচন, জৰায়ুগত কাৰণ, ছার্ভিক্সগত কাৰণ আৰু পেলভিক এণ্ডোমেত্রিয়েছিচ, পাতল এণ্ডোমেট্রিয়াম আদি বন্ধ্যাত্বৰ প্রধান স্থানীয় কাৰণসমূহৰ ভিতৰত অন্যতম৷ এইবোৰৰ সৈতে আন কেতবোৰ কাৰণ যেনে থাইৰ’য়ড গ্রন্থিৰ ৰোগ, সাম্প্রতিক সময়ৰ ব্যস্ততাপূর্ণ দৈনন্দিন কার্যক্রমণিকাত আমি সততে গ্রহণ কৰা ফাষ্ট ফুড, শাৰীৰিক পৰিশ্রমহীনতা, জন্মনিৰোধক ৰাসায়নিক দৰবৰ অত্যধিক সেৱন আদিয়েও বন্ধ্যাত্বৰ হাৰ বৃদ্ধিত অৰিহণা যোগাইছে৷
আচলতে গর্ভধাৰণৰ গোটেই প্রক্রিয়াটোৱেই হৰম’ন নিয়ন্ত্রিত কিছুমান জটিল ৰাসায়নিক ক্রিয়া–বিক্রিয়াৰ দ্বাৰাহে সম্পন্ন হয়৷ এই ৰাসায়নিক ক্রিয়া–বিক্রিয়াৰ সুস্থিৰ উপস্থিতি আৰু প্রজননতন্ত্রৰ অংগসমূহৰ নিয়মীয়া অৱয়ৱৰ উপস্থিতিয়েহে গর্ভধাৰণ প্রক্রিয়া নিয়ন্ত্রিত কৰে৷ প্রক্রিয়াসমূহ যথেষ্ট জটিল আৰু সাধাৰণভাৱে অতি কম ঠাইত কম সময়ৰ ভিতৰতে লিপিবদ্ধ কৰা সম্ভৱ নহয়৷ সেয়েহে এই লেখাত বন্ধ্যাত্বৰ কাৰণসমূহ অতি সংক্ষিপ্তকৈ উল্লেখ কৰা হ’ল৷
আয়ুর্বেদিক চিকিৎসা শাস্ত্রত চাৰিটা প্রধান হেতু গর্ভধাৰণৰ কাৰণে নিতান্তই প্রয়োজনীয় বুলি উল্লেখ কৰিছে৷ সেইবোৰ হ’ল– ঋতু Fertile period), ক্ষেত্র Uterus including other genital structures), অম্বু Nutrients supply) আৰু বীজ Ovum)৷ এই চাৰি উপাদানৰ সংমিশ্রিত সংযোজনৰ ফলতহে স্ত্রী এগৰাকীয়ে গর্ভধাৰণ কৰে৷
আধুনিক চিকিৎসা বিজ্ঞানতIUI, IVF, Surogacyকে আদি কৰি অজস্র অত্যাধুনিক চিকিৎসা পদ্ধতি বন্ধ্যাত্ব চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়৷ কিন্তু এইবোৰৰ প্রায়ভাগেই যথেষ্ট ব্যয়বহুল হোৱা বাবে সর্বসাধাৰণৰ কাৰণে ব্যয়সাধ্য নহয়৷ আনহাতে ইয়াত ব্যৱহূত হৰম’ন বেজীসমূহৰ পার্শ্বক্রিয়াৰ ফলত চুলি সৰা, মানুহগৰাকী খিংখিঙীয়া হোৱা আদি বিভিন্ন সমস্যাই গা কৰি উঠাও দেখা যায়৷
চিকিৎসাৰ বাবে আগবঢ়াৰ আগতে দম্পতী এহালে বন্ধ্যাত্বৰ কাৰণসমূহ চিকিৎসকৰ পৰামর্শমতে পৰীক্ষা–নিৰীক্ষাৰ দ্বাৰা চিনি উলিয়াব লাগে৷ পুৰুষগত নে স্ত্রীগত বন্ধ্যাত্ব, সেয়া শুক্র–পৰীক্ষা আদিৰে নির্ধাৰণ কৰি ল’ব লাগে৷ সাধাৰণতে বন্ধ্যাত্বৰ সমস্যাত স্বামী আৰু স্ত্রী দুয়োগৰাকীকেই সমান্তৰালভাৱে একেলগে চিকিৎসা কৰিব লাগে৷ বহুক্ষেত্রত দেখা যায় যে স্বামীজনক কোনো ধৰণৰ চিকিৎসা নকৰি কেৱল স্ত্রীগৰাকীকেই বহু দীর্ঘদিনীয়া চিকিৎসা কৰি থকা হয়, কেৱল এজনকেই এই ধৰণে দীর্ঘদিনীয়াকৈ চিকিৎসা কৰি থাকিলেও কোনো সুফল পোৱা নাযায়৷ শুক্র–দোষ থাকিলে সেই দোষৰ ওপৰত ভিত্তি কৰি পুৰুষ সংগীজনক অশ্বগন্ধাৰিষ্ট, বানৰী কল্প, মুছলী পাক, শুক্রবল্লভ ৰস, শুক্রমাতৃকা ৰস আদি শাস্ত্রীয় ঔষধকে ধৰি এদীজোৱা টেবলেট, স্পামেন, চিমেণ্টো আদি কিছু পেটেণ্ট টেবলেট বা কেপচুল আদি খাবলৈ দিয়া হয়৷
সমান্তৰালভাৱে স্ত্রীগৰাকীৰ প্রধান আৰু মূল সমস্যাটো চিনি উলিয়াই ঔষধ খাবলৈ দিয়া হয়৷ বাস্তৱ অভিজ্ঞতাৰ পৰা দেখা যায় যে কম সময়ৰ ভিতৰতে বহুতো দম্পতীয়ে বিভিন্ন ধৰণৰ অজস্র পৰীক্ষা–নিৰীক্ষা কৰি হাজাৰ হাজাৰ টকা খৰচ কৰে, বহুতে বহুত হৰম’ন বেজী লয়৷ কিন্তু সুফল পোৱা দেখা নাযায়৷ পাতল এণ্ডোমেট্রিয়াম, টিউব ব্লক, বাল্কী বা মাংসল জৰায়ু, পি চি অ’ ডি, পি আই ডি আদিৰ বাবে হোৱা বন্ধ্যাত্ব অতি সহজেই মাত্র দুমাহ–তিনি মাহমান নিয়মীয়াকৈ আয়ুর্বেদিক ঔষধ খাই নোহোৱা কৰিব পাৰি৷ কাঞ্চনাৰ গুগগুলু, কৈশোৰ গুগগুলু, চন্দ্রপ্রভা ৱতি, ৱংগেশ্বৰ ৰস, ৰৌদ্র ৰস, অশোকাৰিষ্ট, দশমূলাৰিষ্ট, ফলঘৃত, মহাফলঘৃত, টেবলেট হাইপোনিড, ছীৰাপM2tone, Gynocure, Amycordial, Ashokordial আদি ঔষধসমূহে যথেষ্ট সুফল প্রদান কৰে৷ এই ঔষধসমূহ ব্যৱহাৰ কৰি থকা সময়ত ড’ম্পিৰিডোন থকা গেষ্ট্রাইটিছৰ ঔষধ ব্যৱহাৰ কৰিব নালাগে৷ অত্যধিক ড’ম্পিৰিডোনযুক্ত ঔষধে প্রোলেক্টিন নামৰ হৰম’নবিধৰ নিঃসৰণ বঢ়াই দিয়ে, যিয়ে গর্ভধাৰণ আৰু প্রজননতন্ত্রৰ ওপৰত বিৰূপ প্রভাৱ পেলায়৷ সেয়েহে এই দৰবসমূহৰ দীর্ঘদিনীয়া ব্যৱহাৰৰ পৰা আঁতৰত থাকি আয়ুর্বেদিক ঔষধসমূহ নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে সহজে সুফল পোৱা যায়৷ এইবোৰৰ উপৰি আয়ুর্বেদিক চিকিৎসা বিজ্ঞানত উল্লিখিত ধূপন, ধাৱন, পিচ্ছু, উত্তৰ বস্তি আদি প্রয়োগেৰে আশ্চর্যজনক ফল লাভ কৰিব পৰা যায়৷
যৌন শিক্ষাৰ অভাৱ আৰু অনগ্রসৰতাও কিছু ক্ষেত্রত সন্তানহীনতাৰ প্রধান কাৰণ হৈ উঠে৷ বহু এনে দম্পতী আছে, যিসকলৰ স্বামী–স্ত্রীৰ কর্মস্থান বেলেগ বেলেগ হোৱা হেতুকে বা অইন কিবা কাৰণতেই নহওক কিয়, দুয়ো দুখন বেলেগ বেলেগ ঠাইত পৃথকে থাকিব লগা হয়৷ ফলত উপযুক্ত ঋতুচক্রৰ উপযুক্ত দিনত– যিটো দিনত স্ত্রীৰ ডিম্বাণুৱে চৰম পৰিপক্বতা লাভ কৰে– সেই দিনত যৌন সংগমত লিপ্ত হ’ব নোৱাৰিব পাৰে৷ ফলস্বৰূপে শুক্রাণু আৰু ডিম্বাণুৰ মিলন সম্ভৱ নহয়৷ গতিকে এনে সংগমৰ ফলতো স্ত্রীয়ে গর্ভধাৰণ নকৰিব পাৰে৷ মাহেকীয়া হোৱাৰ ১২নং দিনৰ পৰা ১৬নং দিনৰ ভিতৰত কৰা যৌন সংগম গর্ভধাৰণৰ কাৰণে আটাইতকৈ উপযুক্ত আৰু ফলপ্রসূ বিবেচিত হয়৷
সাধাৰণতে গর্ভধাৰণৰ কাৰণে জৰায়ুৰ ভিতৰৰ এণ্ডোমেট্রিয়ামখন গাঁথনিগতভাৱে ৭.৫ মিঃমিঃ মান ডাঠ হ’ব লাগে আৰু ফেল’পিয়ান নলী খোলা Patent tube) থাকিব লাগে৷ যদি এণ্ডোমেট্রিয়াম পাতল হয়, তেন্তে গর্ভধাৰণ কৰিলেও গর্ভস্থ সন্তান কোষ বাৰে বাৰে নষ্ট হৈ যায়৷ ফেল’পিয়ান নলী বন্ধ Block Tube) থাকিলে জৰায়ুৰ ভিতৰৰ উপযুক্ত স্থানত সন্তান গর্ভস্থ নহৈ জৰায়ুৰ বাহিৰত সন্তান থিতাপি লোৱাৰ সম্ভাৱনা থাকে৷ সময়ত গৈ কথা বিষম হৈ পৰে৷ সেয়েহে এণ্ডোমেট্রিয়াম পাতল থাকিলে বা ফেল’পিয়ান নলী বন্ধ থাকিলে মাহেকীয়াৰ ১২–১৬নং দিনৰ ভিতৰত যৌন সংগম কৰিব নালাগে৷ এনে অৱস্থাত সম্পূর্ণ এমাহ বা দুমাহ বা খুব বেছি তিনি মাহ আয়ুর্বেদিক ঔষধ সেৱন কৰি জৰায়ু সম্পূর্ণ সুস্থ তথা উপযোগী কৰি তুলিব পাৰি৷ এই তিনি মাহৰ সময়ছোৱাত পুৰুষ সংগীজনকো কিছু শুক্রবর্ধক আৰু শুক্রসংশোধক ঔষধি খুৱাই শুক্রাণুসমূহ সুস্থ আৰু শক্তিশালী কৰি তুলিব লাগে৷ দুই বা তিনি মাহ এইদৰে ঔষধ সেৱনৰ পিছত পৰৱর্তী মাহেকীয়া হোৱাৰ ১২নং দিনৰ পৰা ১৬নং দিনৰ ভিতৰত যৌন সংগমত লিপ্ত হ’লে অতি সহজতে গর্ভধাৰণ সম্ভৱ হৈ পৰে আৰু আশাপ্রদ ফল লাভ কৰিব পাৰি৷
পথ্যাপথ্য ঃ বন্ধ্যাত্বৰ চিকিৎসা গ্রহণ কৰি থকা বা ৰজস্বলা বয়স (১৫–৪৫)ৰ সকলো মহিলাই প্রতিদিনে নিয়মীয়া পৰিমাণে গাখীৰ, প্রতিদিনে এমুঠিমান গাজী–মগু, ৫–১০টাকৈ খেজুৰ আৰু ২–৩ চামুচকৈ কিচমিচ খোৱাটো বহুত উপকাৰী৷
এইবোৰৰ উপৰি নিয়মীয়াকৈ লঘু শাৰীৰিক পৰিশ্রম, প্রাণায়াম আৰু যোগাসন আদিৰ লগতে আয়ুর্বেদিকৰ পঞ্চকর্ম চিকিৎসাৰ কিছুমান ফলপ্রসু স্থানিক চিকিৎসা কৰিলে সহজে সুফল পোৱা যায়৷

You May Also Like

More From Author