বিজেপিৰে পুনৰ মিত্ৰতাৰ কথা ঘোষণা হাগ্ৰামা মহিলাৰীৰ

1 min read

 উপ-নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত বিটিচিৰ ৰাজনৈতিক বতাহ আকৌ গৰম হোৱাৰ দিশে । বিজেপিৰে বিপিএফৰ মিত্ৰতা চূড়ান্ত হোৱাৰ কথা ঘোষণা হাগ্ৰামা মহিলাৰীৰ । মাত্ৰ আনুষ্ঠানিকতাহে বাকী বুলি মন্তব্য মহিলাৰীৰ । বিপিএফ আকৌ বিজেপিৰ কাষ চপাৰ লগে লগেই অধিক আকৰ্ষণীয় হৈ পৰিছে বিটিচিৰ ৰাজনীতি । ইয়াৰ সমান্তৰালভাৱে প্ৰশ্ন উঠিছে যে, পুনৰ বিটিচি প্ৰধানৰ আসন দখল কৰিব নেকি হাগ্ৰামা মহিলাৰীয়ে ? কি হ’ব বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত বিপিএফ নেতৃত্বৰে হোৱা আলোচনাত মিত্ৰতাই চূড়ান্ত ৰূপ পোৱাৰ পিছতে ওদালগুৰি জিলাৰ ৰৌতাস্থিত B.I.C.C প্ৰেক্ষাগৃহত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । সভাখনত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীকে ধৰি দলীয় বিধায়ক আৰু শীৰ্ষ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হয় উক্ত সভাখন ৷

সভাত বিজেপিৰে হোৱা মিত্ৰতা আৰু আগন্তুক উপ-নিৰ্বাচন সন্দৰ্ভত আলোচনা হয় বুলি মহিলাৰীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে । আগন্তুক উপ-নিৰ্বাচনৰ বাবে গোঁসাইগাঁও সমষ্টিৰ বাবে বিপিএফৰ ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰে ৷

ব্ৰহ্মই প্ৰাৰ্থীত্ব লাভ কৰি হাগ্ৰামাক ধন্যবাদ দিয়াৰ লগতে গোঁসাইগাঁৱত তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰে । সমান্তৰালকৈ যোৱা কালি ইউপিপিএল দলেও গোঁসাইগাঁও আৰু তামুলপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । ইয়াৰে গোঁসাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ সৈতে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা কৰাৰ ইংগিত দিয়ে ইউপিপিএল দলে ৷

বিপিএফে প্ৰাৰ্থী নিদিয়া সমষ্টিত দলে ইউপিপিএলক সহায় কৰিব নে বিজেপিক বুলি সাংবাদিকে সোধা প্ৰশ্নত মহিলাৰীয়ে কোনো দলৰে নাম নোলোৱাকে মিত্ৰজোঁটক সহায় কৰিব বুলি আওপকীয়াকৈ মন্তব্য প্ৰকাশ কৰে । হাগ্ৰামাৰ আওপকীয়া মন্তব্যই আগন্তুক দিনত প্ৰমোদ বড়োৰ ক্ষেত্ৰত যে প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব তাৰে ইংগিত বহন কৰিছে । এতিয়া বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ দল ইউপিপিএলে কি পন্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয় ।

You May Also Like

More From Author