আন্তর্জাতিক পুৰুষ দিৱস উদযাপনৰ দাবী বিজেপি সাংসদৰ

আন্তর্জাতিক পুৰুষ দিৱস উদযাপনৰ দাবী বিজেপি সাংসদৰ

বিশ্বজুৰি আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰি থকাৰ সময়তে ভাৰতত সংসদত কেইবাগৰাকীও সাংসদ নাৰীৰ ৩৩ শতাংশ আসন সংৰক্ষণৰ বিষয়টোক লৈ সৰৱ হোৱা দেখা গ’ল৷

ইফালে আন্তর্জাতিক নাৰী দিৱসৰ দৰে আন্তর্জাতিক পুৰুষ দিৱস পালন কৰাৰ দাবী উত্থাপন কৰে বিজেপিৰ সাংসদ সোনাল মানসিঙে৷ এগৰাকী ধ্রুপদী নৃত্য পটীয়সী তথা বিজেপিৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে উল্লেখ কৰে যে মহিলাসকলৰ দৰে পুৰুষসকলৰ আন্তর্জাতিক দিৱসো উদ্যাপন কৰা উচিত৷

লক্ষণীয়ভাৱে ১৯ নৱেম্বৰৰ দিনটো আন্তর্জাতিক পুৰুষ দিৱস হিচাপে পালন কৰা হয় যদিও নাৰী দিৱসৰ দৰে ই গুৰুত্ব লাভ কৰা নাই৷ গতিকে সোনাল মানসিঙে সমতাৰ বিষয়টোক গুৰুত্ব দি আন্তর্জাতিক পুৰুষ দিৱস পালন কৰাৰ দাবী উত্থাপন কৰে৷ লগে লগে মানসিঙৰ বক্তব্যক লৈ হাঁহিৰ খলকনি উঠে ৰাজ্যসভাত৷
Source- Niyomiyabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.