পুৰণা লাহৰিজানত ড্ৰাগছ সহ দুজনক আটক

পুৰণা লাহৰিজানত ড্ৰাগছ সহ দুজনক আটক

বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজান আৰক্ষী পহৰা চকীত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ।

লাহৰিজান পহৰা আৰক্ষী চকীৰ এচ আই লুটফুৰ ৰহমানৰ নেতৃত্বত চলা আৰক্ষীৰ তালাচীত জব্দ উক্ত ড্ৰাগছ সমুহ

মনিপুৰৰ পঞ্জীয়ন থকা এখন বলেৰ’ ত উদ্ধাৰ হৈছে ড্ৰাগছ সমুহ।

বলেৰ’খনৰ নম্বৰ MN-01AK-4789

মনিপুৰৰ পৰা গুৱাহাটী অভিমুখী আছিল বলেৰখন

30 টা চাবোনৰ বাকচত প্ৰায় 412গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে।

ইয়াৰ আন্তজাৰ্তিক বজাৰ মুল্য প্ৰায় তিনিৰ পৰা চাৰি কোটি টকা হ’ব বুলি জানিব পৰা গৈছে

ড্ৰাগছ সহ দুজনক আটক কৰে আৰক্ষীয়ে
আটকাধীন ধৃত লোক দুজন
মনিপুৰৰ
আজাদ আলি আৰু চৈয়দ আনিছ খান বুলি জানিব পৰা গৈছে।

বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত উক্ত ড্ৰাগছ সমুহ জব্দ কৰে আৰক্ষীয়ে

GTM Desk

Related