প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি ৰবিবাৰে BJP পাৰ্টিৰ “সেৱা আৰু সমৰ্পণ অভিযান”

1 min read

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি ৰবিবাৰে অৰ্থাৎ ১৯-০৯-২০২১ ইং তাৰিখে ভাৰতীয় জনতা পাৰ্টিৰ “সেৱা আৰু সমৰ্পণ অভিযান” কাৰ্যসূচী অনুসৰি ভাৰতীয় জনতা যুৱ মৰ্চা বঙাইগাঁও জিলা আৰু প্ৰতিটো মণ্ডলৰ সহযোগত বঙাইগাঁও জিলাত “স্বচ্ছতা” কাৰ্যসূচী ৰূপায়ণ কৰে ।

কাৰ্যসূচীৰ অংশ স্বৰূপে বঙাইগাঁৱৰ বিভিন্ন স্থানত যোৱা বিশ্বকৰ্মা পূজাত ব্যৱহাৰ কৰা মুৰ্তিসমূহ য’ত-ত’ত পেলাই থোৱাত সেইবৰ চাফ-চিকুন কৰি বুটলি নি নৈৰ কাষত ৰাখি থয় ।

উক্ত কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলাৰ সভানেত্ৰী হিমানী অধিকাৰী , ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলাৰ সাধাৰণ সম্পাদকদ্বয় ক্রমে শংকৰ বিশ্বাস আৰু জ্যোতিৰ্ময় সৰকাৰ , সম্পাদকদ্বয় ক্রমে প্ৰবীণ দাস, সুশান্ত পোদ্যাৰ বঙাইগাঁও জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰী সভাপতি প্ৰাণজিৎ বৰ্মন , যুৱ মৰ্চাৰ মৃণাল ৰাজবংশী, সঞ্জয় ৰায় ভাৰতীয় জনতা মহিলা মৰ্চাৰ অসম প্ৰদেশৰ সম্পাদিকা মনালিছা কোঁচ, যুৱ মৰ্চাৰ সৃজনগ্ৰাম মণ্ডলৰ সভাপতি হৰি ফুকন সৰকাৰ আৰু বঙাইগাঁও জিলা ভাৰতীয় জনতা মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা শ্ৰীমতী দেৱযানী কলিতাকে ধৰি বিজেপিৰ আন আন কাৰ্যকৰ্তা সকল উপস্থিত থাকে ।

You May Also Like

More From Author