ওদালগুৰিৰ কোৰামোৰ চাহ বাগিচাত ওড়িয়া বিদ্যালয় উদ্বোধন |

1 min read

জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ভাষা হৈছে মূল সম্বল | ভাষা অৱিহনে এটা জাতি সমাজত ব্ৰতী থকাটো প্ৰায় অসম্ভৱ | নিজৰ ভাষা-সষ্কৃতি জীয়াই ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যেকজন ব্যক্তিৰ দ্বায়িত্ব | অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ বাগিচা অঞ্চল সমূহতো ওড়িয়া সম্প্ৰদায়ৰ লোক বাস কৰে | এই ওড়িয়া সম্প্ৰদায়ৰ লোক সকলে নিজৰ ভাষাটোৰ বিষয়ে যাতে বিতংভাৱে জানিব আৰু শিকিব পাৰে তাৰ বাবে আজি ওদালগুৰি জিলাৰ কোৰামোৰ চাহ বাগিচাত অসম ওড়িয়া যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ‘ওড়িয়া বিদ্যালয়’ এখন উদ্বোধন কৰা হয় |


বিদ্যালয়খন উদ্বোধন কৰে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী য়ে | বাগান অঞ্চলত ওড়িয়া ভাষাৰ প্ৰসাৰৰ ক্ষেত্ৰত এই সমূহ বিদ্যালয়ৰ শিক্ষাদানে বিশেষ অৰিহণা যোগাব বুলি অসম ওড়িয়া যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি লক্ষ্মীধৰ তান্তীয়ে কয় | অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থকা বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁন্তীয়ে কয় যে, ‘ৰাজ্যৰ শিক্ষাখণ্ডৰ পাঠ্যপুথি সমূহত ওড়িয়া ভাষা, লিপি, সংস্কৃতি সম্পৰ্কীয় একোটা বিষয় সন্নিৱিষ্ট কৰিবলৈ চৰকাৰক অনুৰোধ জনায়|’ আজিৰ অনুষ্ঠানটোত বিটিচিৰ মনোনীত পাৰিষদ মাধৱ ছেত্ৰীৰ লগতে পানেৰী আঞ্চলিক আক্ৰাছুৰ সভাপতি নয়নজ্যোতি ডেকা উপস্থিত থাকে |

You May Also Like

More From Author