কিশোৰীক যৌন নির্যাতন চলাই নৃশংস হত্যা, উলংগ মৃতদেহ উদ্ধাৰ

কিশোৰীক যৌন নির্যাতন চলাই নৃশংস হত্যা, উলংগ মৃতদেহ উদ্ধাৰ

কার্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তর্গত চকীহোলাত এক ভয়ংকৰ পাশৱিক ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ চকীহোলাৰ অতিকে দুর্গম পাহাৰীয়া এলেকাত বিবেকশূন্য নৰপিশাচৰ বিকৃত কামনাৰ বলি হৈ এগৰাকী কিশোৰীয়ে প্রাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই পাহাৰীয়া জিলাখনত তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী অনুসৰি, চকীহোলা থানাৰ অন্তর্গত তথা নিলিপ পৰিষদীয় সমষ্টিৰ লক্ষীৰাম ৰংফাৰ গাঁৱৰ সবিতা হাঞ্চেপী (১২) আৰু লক্ষীৰাম ইংতি গাঁৱৰ আনিচা ইংতিপী (১১) নামৰ কিশোৰী দুগৰাকী যোৱা শনিবাৰে কাষৰীয়া দৈগ্রোং নৈত মাছ ধৰিবলৈ বুলি ঘৰৰ পৰা ওলাই যায়৷ পুৱাই মাছলৈ বুলি ওলাই যোৱা কিশোৰী দুগৰাকী নিশাপর্যন্ত ঘৰলৈ উভতি নহাত দুয়োখন ঘৰতে হুৱাদুৱা লাগে৷

নিশা পর্যন্ত দুয়োগৰাকী কিশোৰীক বিচাৰ–খোঁচাৰ কৰি কোনো সন্ধান নোপোৱাত কালি পুৱাই পুনৰ এলেকাটোৰ স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে সন্ধানহীন কিশোৰী দুগৰাকীক বিচাৰি অভিযান আৰম্ভ কৰে৷ বহু বিচাৰ–খোঁচাৰ কৰাৰ অন্তত নৈখনৰ কাষৰ কিছু আওহতীয়া ঠাইত এটা টিলাৰ ওপৰত থকা বাঁহনিৰ তলত সবিতা হাঞ্চেপী নামৰ কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ কিশোৰীগৰাকীৰ মৃতদেহটো সম্পূর্ণ উলংগ অৱস্থাত থকাৰ লগতে শুকান বাঁহপাতেৰে মৃতদেহটো ঢ়াকি ৰখা হৈছিল৷ মৃতদেহটো প্রত্যক্ষ কৰি কোনো দুর্বৃত্তই কিশোৰীগৰাকীৰ ওপৰত জঘন্য যৌন নির্যাতন চলাই হত্যা কৰা বুলি স্থানীয় ৰাইজে সন্দেহ প্রকাশ কৰিছে৷ আনহাতে, পৰহিৰ পৰা সন্ধানহীন হৈ থকা আনগৰাকী কিশোৰীৰ এতিয়াও কোনো সন্ধান পোৱা হোৱা নাই৷

আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে ডিফুলৈ প্রেৰণ কৰিছে৷ এই সন্দর্ভত আৰক্ষীয়ে বিভিন্নজনক সোধ–পোছা কৰা বুলি জানিব পৰা গৈছে৷ এই জঘন্য ঘটনাৰ সৈতে জডিত দুর্বৃত্তক শীঘ্রে আটক কৰি কঠোৰ শাস্তি প্রদানৰ দাবী জনাইছে স্থানীয় ৰাইজে৷ ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী বিষয়াই তদন্ত অব্যাহত থকা বুলি জনোৱাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে আনুষ্ঠানিকভাৱে সকলো তথ্য প্রকাশ কৰিব পৰা যাব বুলি মন্তব্য কৰে৷ দুগৰাকীকৈ কিশোৰীয়ে দৈগ্রোং নৈত মাছ ধৰিবলৈ গৈ সন্ধানহীন হোৱা আৰু পিছত এগৰাকীৰ উলংগ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে আন গৰাকী সন্ধানহীন হৈ থকা বিষয়টোৰ ক্ষেত্রত স্থানীয় গাঁৱৰ বাসিন্দা আৰু ছাত্র সংগঠনসমূহ প্রতিবাদমুখৰ হৈ পৰিছে৷ এই ঘটনাই সমগ্র কার্বি পাহাৰতে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

GTM Desk