নিশা বঙাইগাঁৱৰ উত্তৰ শালমাৰা ৩১ নং ঘাইপথত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা

1 min read

তীব্ৰ বেগী যাত্ৰীবাহী বাছে চোচৰাই নিয়ে এজন বাইক আৰহীক। ফলত মৃত্যু হয় বাইক আৰহী জনৰ। নিশা AS 17B 6741 নম্বৰৰ যাত্ৰীবাহী বাছ খনে ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত উত্তৰ শালমাৰাত AS 19J 8399 নম্বৰৰ বাইকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

তীব্ৰ বেগী বাছখনে বাইক খন বহু দুৰ চোচৰাই নিয়াৰ ফলত দাউ দাউ কৈ জ্বলি উঠে বাইকখন আৰু আৰহী জন পথৰ কাষত উফৰি পৰে‌। লগে লগে বাইক আৰহী জনক চিকিৎসালয় লৈ লৈ যোৱা হয় যদিও মৃত ঘোষণা কৰে চিকিৎসকে।

মৃত লোকজন সক্ৰীয় বিজেপি কৰ্মী অভয়াপুৰীৰ পাখিৰিগুৰীৰ ধনজিৎ দাস বুলি জানিব পৰা গৈছে। ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই বাছ চালক জন ঘটনাস্থলিৰ পৰা পলায়ন কৰে।

 

You May Also Like

More From Author