32.3 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

বাতিল কৰা হ’ল এনাৰ্জি ড্ৰিংক বৰ্ণভিটাৰ বিজ্ঞাপন ,কিন্তু কিয়?

Assamese Newsবাতিল কৰা হ’ল এনাৰ্জি ড্ৰিংক বৰ্ণভিটাৰ বিজ্ঞাপন ,কিন্তু কিয়?

কিছুদিনৰ আগতে, এজন ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰে এক চাঞ্চল্যকৰ দাবী কৰিছিল যে এনাৰ্জি ড্ৰিংক বৰ্ণভিটাত (Bournvita)অস্বাস্থ্যকৰ উপাদান আছে।

তাৰ পাছতেই অভিভাৱকৰ আলোচনাৰ বিষয় বস্তু হৈ পৰে বৰ্ণভিটা।এনে পৰিস্থিতিত হস্তক্ষেপ কৰে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে (NCPCR) । তৎক্ষণাৎ এই এনাৰ্জি ড্ৰিংকৰ বিজ্ঞাপন বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে ।একে সময়তে, এসপ্তাহৰ ভিতৰত বৰ্ণভিটাৰ উপাদান সংক্ৰান্ত তদন্ত কৰি ৰিপোৰ্ট দাখিল কৰিবলৈও কোৱা হয় ।

আমেৰিকা কোম্পানী মণ্ডেলেজৰ এটা সহায়ক সংস্থা কেডবেৰী (Cadbury)। তেওঁলোকেই তৈয়াৰী কৰে এই জনপ্ৰিয় এনাৰ্জী ড্ৰিংক বৰ্ণভিটা ।

কিছুদিনৰ আগতে, ৰেৱান্ত হিমাতচিঙ্কা নামৰ এজন ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰে দাবী কৰিছিল যে বৰ্ণভিটাত চেনী আৰু চকলেটৰ দৰে ক্ষতিকাৰক উপাদান আছে।

এই উপাদানটোৰ ফলত, কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি হ’ব পাৰে। অৱশ্যে, এই ভিডিঅ’টো মুকলি কৰাৰ কিছুদিনৰ ভিতৰতে,ভিডিঅ’টো তেওঁ ডিলিট কৰে।

ৰেৱন্তে জনাই যে তেওঁক বৰ্ণভিটাৰ নিৰ্মাণ কৰা কোম্পানী তৰফৰ পৰা জাননী প্ৰদান কৰে । কোম্পানীটোৱে সকলো অভিযোগ অস্বীকাৰ কৰিছে।

তাৰ পাছত তেওঁ ভিডিঅ’টো ডিলিট কৰে । তেওঁ দাবী কৰিছিল যে কোম্পানীটোৰ গোচৰটোৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা নাই। তেওঁ ভিডিঅ’টো ডিলিট কৰি ক্ষমা বিচাৰিছিল। ঘটনাটোৰ পাছত এক বিবৃতিত বৰ্ণভিতা তৰফৰ পৰা কয়, “ভিডিঅ’টোৰ দ্বাৰা গ্ৰাহকসকল প্ৰভাৱিত হৈছে। তেওঁলোকে আমাৰ সামগ্ৰীৰ ওপৰত আস্থা হেৰুৱাইছে। “

এনে পৰিস্থিতিত শিশু অধিকাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় আয়োগে বুধবাৰে কেডবেৰীলৈ জাননী জাৰি কৰে । “আয়োগে জানিব পাৰিলে যে বৰ্ণভিটাত উচ্চ পৰিমাণৰ চেনী আৰু অন্যান্য ক্ষতিকাৰক উপাদান আছে। এই পানীয় গ্ৰহণ কৰিলে শিশুৰ শৰীৰত বহুতো সমস্যা হ’ব পাৰে।

তদুপৰি, এফ.এছ.এছ.এ.আই.-ৰ নিয়ম অনুসৰি সামগ্ৰীৰ সকলো গুণাগুণ প্ৰকাশ কৰা হোৱা নাই। সংস্থাটোক বৰ্ণভিটাৰ খাদ্যৰ মানদণ্ড তৎক্ষণাৎ পৰীক্ষা কৰিবলৈ আৰু এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। বৰ্ণভিটাৰ বাবে সকলো বিজ্ঞাপন প্ৰত্যাহাৰ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!