28 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

চালানী মাছত ১৫ শতাংশ পর্যন্ত ফর্মেলিন !

Assamese Newsচালানী মাছত ১৫ শতাংশ পর্যন্ত ফর্মেলিন !

নগাঁৱৰ বজাৰত উপলব্ধ চালানী মাছত বিষাক্ত পদার্থ উপস্থিতি ধৰা পৰিছে। নগাঁও কলেজ (অটনমাছ)ৰ প্ৰাণী বিজ্ঞান বিভাগে বজ্ঞানত উপলব্ধ চালানী মাছত বিষাক্ত পদার্থৰ উপস্থিতিৰ তথ্য পোহৰলৈ আনিছে।

মহাবিদ্যালয়ৰ প্রাণী বিজ্ঞান বিভাগৰ এটা দলে অধ্যয়নৰ বাবে এলানি পৰীক্ষা সম্পন্ন কৰোতে এই উচ্চাজনক তথ্য পোহৰলৈ আহে। প্রাণী বিজ্ঞান বিভাগৰ অধ্যাপক ক্ৰমে ড° ললিত মোহন গোস্বামী ,ড° ভুবন চন্দ্র চুতীয়া, ডা: জ্যোতিস্মৃতা দাস, ড°প্রিয়াংকা শৰ্মা আৰু ড° মানস প্রতীম বৰাৰ নেতৃত্বত গৱেষক ছাত্র-ছাত্রী আৰু স্নাতকোত্তৰ ছাত্র-ছাত্রীৰ এটি দলে কৰা বিগত তিনিমাহজোৰা অধ্যয়নৰ অন্তত এই তথ্য উন্মোচিত কৰিবলৈ সক্ষম হৈছে।

এই পৰীক্ষাত দলটোৱে নগাঁও জিলাৰ বিভিন্ন ব্যৱসায়িক অঞ্চলৰ পৰা চালানী মাছৰ নমুনা সংগ্ৰহ কৰি প্ৰাণী বিজ্ঞান বিভাগৰ গৱেষণাগাৰত পুংখানুপুংখভাবে অধ্যয়ন কৰাৰ লগতে তথ্যৰ শুদ্ধতা নিৰূপণৰ বাবে গুৱাহাটীস্থিত উন্নত মানৰ পৰীক্ষাগাৰতো পৰীক্ষা সম্পন্ন কৰে।

লগতে দুয়োলানি পৰীক্ষাত নগাঁৱৰ বজাৰত উপলব্ধ চালানী মাছত অতি উদ্রেকজনকভাবে সর্বাধিক ১৫ শতাংশলৈকে ফর্মেলডিহাইডৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰ উপৰি দলটোৱে গুৰু ধাতু যেনে- কেডমিয়াম, প্রমিয়াম, আৰ্চেনিক, লিড আদিৰ উপস্থিতি সম্পর্কেও অধ্যয়ন অব্যাহত ৰাখিছে।

প্ৰাৰম্ভিকভাৱে দলটেৰ অধ্যয়নত ০.০০০ কেডমিয়াম আৰু ০.১৫ শতাংশ আৰ্চেনিকৰ উপস্থিতি ধৰা পৰিছে। আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড° ভুবন চন্দ্ৰ চুতীয়াই সদৰী কৰা মতে, সম্পূৰ্ণ নিজাববীয়াকৈ কৰা এই অধ্যয়নৰ যোগেদি মহাবিদ্যালয় খনে জনসাধাৰণক আতংকিত কৰিবৰ বাবে নহয় সজাগতা সৃষ্টিৰ বাবে এই অধ্যয়ন আৰু প্ৰয়াস অব্যাহত ৰাখিছে।

স্মর্তব্য যে নগাঁও জিলাৰ বিভিন্ন মাছৰ বজাৰত বিক্ৰী হৈ থকা চালানী মাছত বিষাক্ত পদার্থ থকাৰ আশংকা কৰি দৈনিক অগ্রদূত’ত একাধিকবাৰ বা-বাতৰি প্ৰকাশ পাইছিল।

তৎসত্ত্বেও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে বিষয়টোক বিশেষ গুৰুত্ব আৰোপ কৰা নাছিল। শেহতীয়াকৈ নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ গৱেষণাত চালানী মাছত বিষাক্ত পদার্থ থকাৰ কথা পোহৰলৈ অহাত ‘দৈনিক অগ্ৰদূত’ৰ বাতৰিৰ সত্যতাকে প্রতিপন্ন কৰিলে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!