fbpx
October 23, 2021

প্ৰেমত বিচ্ছেদ : হাতত দা লৈ প্ৰেমিকাক হত্যা অপচেষ্টা প্ৰেমিকৰ !

প্ৰেম , ভালপোৱা ! সকলোৱে একেমুখে কয় পৃথিৱীৰ সবাটোকৈ মিঠা অনুভুতি এই প্ৰেম ভালপোৱা ৷ কিন্তু প্ৰেমিকে যেতিয়া ঘাতকৰ ৰূপ লয় তেতিয়া তিক্ততাৰে ভৰি পৰে এই অনুভূতি ৷ ঘাতক ৰূপী প্ৰেমিকৰ পৰা কথমপি ৰক্ষা পৰিল এগৰাকী যুৱতী ৷

দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কত যতি পৰাৰ পৰিণতিতে প্ৰেমিকাক দাৰে ঘপিয়াই হত্যাৰ অপচেষ্টা চলালে এজন ব্যৰ্থ প্ৰেমিকে ৷ জু-ৰোডৰ গুৱাহাটী চেন্ট্ৰেল নামৰ বিলাসী মলটোত কৰ্মৰত এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল হিমাদ্ৰী বৰুৱা নামৰ যুৱকজনৰ । যুৱতী গৰাকীয়ে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ কৰাত খঙত অগ্নিশর্মা হৈ যুৱতীগৰাকীক ফোনযোগে বাৰম্বাৰ হত্যাৰ ভাবুকি প্ৰদান কৰি আহিছিল প্ৰেমিক হিমাদ্ৰীয়ে ৷

বুধবাৰে বিয়লি ব্যৰ্থ প্ৰেমিক হিমাদ্ৰীয়ে এখন দা লৈ প্ৰেমিকা গৰাকীক হত্যা কৰিবলৈ উল্লেখিত মলটোৰ সন্মুখত উপস্থিত হয় । অৱশ্যে, যুৱক জনক দেখাৰ লগে লগে গীতানগৰ আৰক্ষীক খবৰ দিয়ে যুৱতী গৰাকীয়ে । লগে লগেই ঘটনা স্থলীত উপস্থিত হৈ গীতানগৰ আৰক্ষীয়ে এখন প্ৰকাণ্ড দা সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় উন্মাদ প্ৰেমিক জনক ৷ উল্লেখ যোগ্য যে, প্ৰেমিকাক হত্যাৰ অপচেষ্টা কৰা এই সমস্ত ঘটনা বন্দী হৈ ৰৈ যায় এটা close circuit কেমেৰাত ৷

মাত্ৰ কিছুদিনৰ পূৰ্বে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক এগৰাকী দুৰ্বিত্তই দিন দুপৰতে দাৰে ঘপিয়াই হত্যা কৰাৰ পিছত উত্তাল হৈ পৰিছিল সমগ্ৰ ৰাজ্য ৷ সেই ঘটনাৰ ঢৌ মাৰ নাযাওতেই এতিয়া পুনৰবাৰ এগৰাকী যুৱতীক উন্মাদ যুৱকে চোকা অস্ত্ৰৰে হত্যাৰ চেষ্টা চলোৱাৰ বিষয়টোৱে যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পোৱা অপৰাধ প্ৰৱণতাকে উদঙাইছে বুলি চৰ্চিত হৈছে সচেতন মহলত ৷

error: Content is protected !!
%d bloggers like this: