13.3 C
Assam
Sunday, February 5, 2023

Featured News

ছোৱালীৰ বিবাহৰ উপযুক্ত বয়স এতিয়াৰে পৰা ১৮ নহয় ২১ বছৰ

এতিয়াৰে পৰা ছোৱালীক ১৮ বছৰত নহয় ২১বছৰতহে...

থানাৰ সন্মুখত পত্নী-সন্তানৰ কান্দোনৰ ৰোল, আত্মহত্যাৰ ভাবুকি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ টুইট৷...

শীতকালত কিয় বাঢ়ে উচ্চ ৰক্তচাপৰ সমস্যা?

Assamese Newsশীতকালত কিয় বাঢ়ে উচ্চ ৰক্তচাপৰ সমস্যা?

শীতকাল আহিলেই উচ্চ ৰক্তচাপৰ সমস্যাই দেখা দিয়ে ।কিন্তু কিয় এনে হয়?

শীতকালত পৰিবেশৰ তাপমাত্রা কমি যোৱাৰ ফলত মানৱদেহৰ শিৰা আৰু ধমনীবোৰ সংকুচিত হৈ আহে। ইয়াৰ ফলত শৰীৰৰ উষ্ণতা বজায় ৰখা, ৰক্ত সঞ্চালন সঠিক ৰখা আৰু শৰীৰৰ বিভিন্ন অঙ্গত ৰক্ত সৰবৰাহ কৰিবলৈ অতিৰিক্ত বল প্রয়োগ কৰিবলগা হয় শৰীৰে। সেই কাৰণেই শীতকালত বাঢ়ি যাব পাৰে ৰক্তচাপ।

ইয়াৰ বাবে চিকিৎসকৰ পৰামর্শ মানি চলাৰ লগতে কিছু ঘৰুৱা উপায়ো কামত আহিব পাৰে।

১। শীতকালত বহুতেই অতিৰিক্ত মদ্যপান কৰে। কিন্তু এই সময়ত অতিৰিক্ত মদ্যপান কৰিলে শৰীৰৰ তাপমাত্রা হঠাৎ কমি যাব পাৰে। ইয়াৰ ফলত শৰীৰত আভ্যন্তৰীণ মূল তাপমাত্রা কমি যায়, আৰু সংকুচিত হয় ৰক্তনলী। যাৰ ফলত বৃদ্ধি পায় ৰক্তচাপ।

২। শীতকালত বাৰম্বাৰ কফি খালেও সমস্যা হ’ব পাৰে। ৰক্তচাপৰ সমস্যা থাকিলে দিনত দুবাৰতকৈ বেছি কফি নোখোৱাই বাঞ্ছনীয়।

৩। শীতৰ পৰা বাচিবলৈ বহুতেই বহুত মোটা আৰু গধুৰ শীতৰ কাপোৰ গাত পিন্ধি লয়। মনত ৰাখিব, এটি মোটা শীতৰ কাপোৰতকৈ তুলনামূলকভাবে পাতল একাধিক পোছাক পিন্ধাটো শৰীৰৰ পক্ষে ভাল।

৪। উচ্চ ৰক্তচাপৰ সমস্যা নিয়ন্ত্রণত অত্যন্ত উপযোগী সঠিক খাদ্যাভ্যাসো। শীতকালত ৰক্তচাপৰ সমস্যা নিয়ন্ত্রণ কৰিবলৈ শীতকালীন বিভিন্ন শাক-পাচলি খাব পাৰে। শীতৰ বিভিন্ন ফল, কম স্নেহপদার্থযুক্ত বা স্নেহ পদার্থহীন দুগ্ধজাত খাদ্য খাব পাৰে।

৫। নিয়মিত শৰীৰচর্চা কৰাসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা থাকিলে তেওঁলোকে এই সময়ছোৱাত অলপ অতিৰিক্ত সতর্ক হৈ থাকিব লাগে। অযথা ঘৰৰ বাহিৰলৈ গৈ শৰীৰচর্চা নকৰাই ভাল। মনত ৰাখিব যেন অতিৰিক্ত পৰিশ্রমে দেহৰ ওপৰত চাপ নেপেলায়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!