20.6 C
Assam
Friday, February 3, 2023

Featured News

ফিটনেছৰ বাবে জন্তুৰ কেঁচা মঙহ খোৱা মানুহজন

Assamese Newsফিটনেছৰ বাবে জন্তুৰ কেঁচা মঙহ খোৱা মানুহজন

বিতৰ্কিত বডিবিল্ডাৰ আৰু চেলিব্ৰিটি ব্ৰায়ান জনছন আকৌ এবাৰ শিৰোনামলৈ আহিছে। অৱশ্যে, বিশ্বৰ প্ৰায়সংখ্যক লোকে জনছনক তেওঁৰ প্ৰকাণ্ড শৰীৰৰ বাবে চিনি পায়। ইয়াৰ উপৰিও, তেওঁৰ বিতৰ্কিত আহাৰৰ বাবে তেওঁ শিৰোনামত থাকে। শেহতীয়াকৈ, ছ’চিয়েল মিডিয়াত তেওঁ এটা ভিডিঅ’ আৰু ছবি পোষ্ট কৰিছে, য’ত তেওঁক জন্তুৰ কেঁচা মাংস খোৱা দেখা গৈছে। ব্ৰায়ান জনছন, যি মানুহৰ পূৰ্বপুৰুষৰ দৰে জীৱন যাপন কৰাৰ দাবী কৰে, তেওঁক ‘লিভাৰ কিং’ বুলি জনা যায়।

সামাজিক মাধ্যমত এই বিষয়ে শ্বেয়াৰ কৰি জনছনে কয় যে, “যিয়েই নহওঁক কিয়, মই কেতিয়াও কেঁচাকৈ আহাৰ খোৱাৰ নিয়ম ভংগ নকৰো। মই সদায় জন্তুৰ কেঁচা মাংস খাও আৰু সেইকাৰণে মোৰ শৰীৰ ইমান শক্তিশালী আৰু সুঠাম। পূৰ্বপুৰুষসকলে কেৱল কেঁচা মাংস খাই জীয়াই আছিল, সেয়েহে মই বহু হাজাৰ বছৰ পুৰণি জীৱনশৈলীও অনুসৰণ কৰো। মোৰ দুপৰীয়াৰ আহাৰৰ জন্তুৰ যকৃত থাকে আৰু সেয়েহে মোক যকৃতৰ ৰজা অৰ্থাৎ লিভাক কিং বুলি কোৱা হয়।

 

 

শেহতীয়াকৈ ব্ৰায়ান তাঞ্জানিয়ালৈ গৈছিল, য’ত তেওঁ এটা জনজাতিৰ ভিডিঅ’ পোষ্ট কৰিছিল, য’ত মানুহে জন্তুৰ কেঁচা মাংস খায়। সেই সময়ছোৱাত তেওঁ কৈছিল যে, “মই যিসকল জনজাতীয় লোকৰ সৈতে বহি আছো তেওঁলোক সদায়ে খাদ্য কেঁচাকৈ খায় যেনে যকৃত, হৃদযন্ত্ৰ, জীৱ-জন্তুৰ অগ্ন্যাশয় ইত্যাদি। তেওঁলোক পৃথিৱীৰ আটাইতকৈ সুখী আৰু স্বাস্থ্যৱান লোক।”

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!