চৰকাৰৰ ডাঙৰ সিদ্ধান্তঃ ১৮ৰ পৰা ২৫ বছৰ বয়সৰ যুৱক-যুৱতীক বিনামূলীয়াকৈ দিয়া হ’ব কণ্ডম

1 min read

“ফ্ৰান্সত অবাঞ্চিত গৰ্ভধাৰণ ৰোধ কৰিবলৈ চৰকাৰে এক অনন্য সিদ্ধান্ত গ্ৰহণ কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ঘোষণা কৰিছে যে এতিয়া যুৱক-যুৱতীসকলে কণ্ডম কিনিবলৈ ধন দিব নালাগিব। ১৮ৰ পৰা ২৫ বছৰ বয়সৰ সকলো যুৱকক কণ্ডম বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব।

চৰকাৰে কিয় এই সিদ্ধান্ত লৈছে সেই সন্দৰ্ভতো তথ্য দিয়া হৈছে। ফ্ৰান্সক এইচ আই ভি মুক্ত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে। তথ্য অনুসৰি ২০২০ চনৰ পৰা ২০২১ চনৰ ভিতৰত ফ্ৰান্সত যৌন সংক্ৰমণৰ সংখ্যা ৩০ শতাংশ বৃদ্ধি পাইছে। এইটো ফ্ৰান্সৰ বাবে চিন্তাৰ বিষয়। এই কাৰণতে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কণ্ডম বিতৰণৰ সিদ্ধান্ত লৈছে। যাতে যৌন সংক্ৰমণৰ ফলত হোৱা ৰোগৰ পৰা হাত সাৰিব পাৰি।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমি ২০৩০ চনৰ ভিতৰত ফ্ৰান্সক ভয়ংকৰ ৰোগ এইচ আই ভিৰ পৰা মুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। কণ্ডম বিনামূলীয়াকৈ প্ৰদান কৰা এই সিদ্ধান্তৰ আঁৰৰ কাৰণ হ’ল এইডছ আৰু অন্যান্য যৌন সংক্ৰমণ ৰোধ কৰা। ৰাষ্ট্ৰপতিগৰাকীয়ে ২৬ বছৰৰ তলৰ মহিলাৰ বাবে গৰ্ভনিৰোধক বড়ি বিনামূলীয়া কৰিছে। যাৰ অধীনত যিকোনো মহিলাই টকা নাথাকিলেও গৰ্ভনিৰোধক বড়ি খাব পাৰে। ৰাষ্ট্ৰপতি মেক্ৰনে কয় যে যৌন শিক্ষাৰ ক্ষেত্ৰত ফ্ৰান্স বহু পিছ পৰি আছে। সেইবাবেই মানুহক সজাগ কৰাটো অতি প্ৰয়োজনীয়।

মন কৰিবলগীয়া যে ফ্ৰান্সত কৰা এক অধ্যয়ন অনুসৰি প্ৰতি ৪ জন যুৱকৰ ভিতৰত এজনে ইয়াত যৌন সম্পৰ্ক স্থাপন কৰাৰ সময়ত কণ্ডম ব্যৱহাৰ নকৰে। ফলত ফৰাচী যুৱক-যুৱতীসকলৰ মাজত ক্ল’মাইডিয়া আৰু গনোৰিয়াৰ দৰে যৌন সংক্ৰমণ (STI) বৃদ্ধি পাইছে। ইয়াৰ বাবেই চৰকাৰে বিনামূলীয়াকৈ কণ্ডম বিতৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

You May Also Like

More From Author