ফিটনেছৰ বাবে জন্তুৰ কেঁচা মঙহ খোৱা মানুহজন
বিতৰ্কিত বডিবিল্ডাৰ আৰু চেলিব্ৰিটি ব্ৰায়ান জনছন আকৌ এবাৰ শিৰোনামলৈ আহিছে। অৱশ্যে, বিশ্বৰ প্ৰায়সংখ্যক লোকে জনছনক তেওঁৰ প্ৰকাণ্ড শৰীৰৰ বাবে চিনি পায়। ইয়াৰ উপৰিও, তেওঁৰ বিতৰ্কিত আহাৰৰ বাবে তেওঁ শিৰোনামত থাকে। শেহতীয়াকৈ, ছ’চিয়েল মিডিয়াত তেওঁ এটা ভিডিঅ’ আৰু ছবি পোষ্ট কৰিছে, য’ত তেওঁক জন্তুৰ কেঁচা মাংস খোৱা দেখা গৈছে। ব্ৰায়ান জনছন, যি মানুহৰ পূৰ্বপুৰুষৰ দৰে জীৱন যাপন কৰাৰ দাবী কৰে, তেওঁক ‘লিভাৰ কিং’ বুলি জনা যায়।

শেহতীয়াকৈ ব্ৰায়ান তাঞ্জানিয়ালৈ গৈছিল, য’ত তেওঁ এটা জনজাতিৰ ভিডিঅ’ পোষ্ট কৰিছিল, য’ত মানুহে জন্তুৰ কেঁচা মাংস খায়। সেই সময়ছোৱাত তেওঁ কৈছিল যে, “মই যিসকল জনজাতীয় লোকৰ সৈতে বহি আছো তেওঁলোক সদায়ে খাদ্য কেঁচাকৈ খায় যেনে যকৃত, হৃদযন্ত্ৰ, জীৱ-জন্তুৰ অগ্ন্যাশয় ইত্যাদি। তেওঁলোক পৃথিৱীৰ আটাইতকৈ সুখী আৰু স্বাস্থ্যৱান লোক।”