বিটিচিত আজি শপতগ্ৰহণ, কোকৰাঝাৰত কৰা হৈছে বিশাল আয়োজন

0 min read

গুৱাহাটী: আজি নতুন বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে বিটিচিৰ মুখ্য কাৰ্যনিৰ্বাহক সদস্য হিচাপে আজি দিনৰ ১১বজাত কোকৰাঝাৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত শপতগ্ৰহণ কৰিব ৷উল্লেখ্য যে বিটিচিৰ উপ মুখ্য কাৰ্যনিৰ্বাহকৰ আসনখনো ইউপিপিএলৰ প্ৰাৰ্থীকে দিয়া হৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ উপ–মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মা লগতে কেইবাজনো মন্ত্ৰী আৰু বিষয়ববীয়া উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।


আজি বড়োলেণ্ড টেৰিট’ৰিয়েল কাউঞ্চিলৰ শপতগ্ৰহণ অনুষ্ঠান উপলক্ষে বিটিচি অঞ্চলৰ চাৰি জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং,বাস্কা আৰু ওদালগুৰি জিলাৰ স্থানীয় বন্ধ ঘোষণা কৰা হৈছে ৷

উল্লেখ্য যে ১৭ বছৰৰ পিছত বিটিচিবাসীয়ে লাভ কৰিব এখন নতুন এজন বিটিচি প্ৰধান ৷

You May Also Like

More From Author