বি টি চি’ত নিৰ্বাচন ৰ দিন ঘোষণা

বুধবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন । ৪ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণৰ আৰু ফলাফল ঘোষণা কৰা হ’ব ৮ এপ্ৰিলত । ১৮ মাৰ্চত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন । ১৯ মাৰ্চত মনোনয়ন পৰীক্ষা কৰাৰ পাচতেই ২১ মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন বুলি জানিব দিয়ে নিৰ্বাচন আয়োগে ।উল্লেখ্য যে, এইবাৰৰ নিৰ্বাচনত ত্ৰিকোণীয় যুঁজ হোৱাৰ সম্ভাৱনা আছে । বৰ্তমানে শাসনত থকা বিপিএফ, প্ৰমোদ বড়ো নেতৃত্বধীন ইউপিপিএল আৰু নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীৰ মাজত হ’ব মূল যুঁজ ।

Leave a Reply

Your e-mail address will not be published. Required fields are marked *

error: Content is protected !!