fbpx
October 19, 2021

প্ৰমোদ বড়োৰ পে’ড আৰু চহী জাল কৰি পুঁজি মুকলাই নিয়াৰ চেষ্টা দুষ্ট চক্ৰৰ

 বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ পেড আৰু চহী জাল কৰি দুষ্ট চক্ৰই বিটিআৰৰ প্ৰধান সচিবলৈ পত্ৰ প্ৰেৰণ কৰি পুঁজি মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়াৰ আজৱ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ২০১৬ -১৭ চনতে কোকৰাঝাৰ জিলাৰ মালাগুৰীৰ পৰা পাৰোউৰা ফৰেষ্ট বিট অফিচলৈ যোৱা এটা পথৰ মুঠ ধাৰ্য পুঁজি ২৯,২৫৭৪০.০০ টকা সমুলঞ্চে মোকোলাই দিবলৈ চেষ্টা কৰিছিল এটা দুষ্ট চক্ৰই ৷ সেই অনুসৰিয়ে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ পেড আৰু চহী জাল কৰি বিটিআৰৰ প্ৰধান সচিবলৈ পত্ৰ প্ৰেৰণ কৰি পুঁজি মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে চক্ৰটোৱে ৷

শনিবাৰে সংবাদমাধ্যমৰ আগত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বিশেষ কৰ্তব্যৰত বিষয়া ( OSD ) সানগ্ৰাং ব্ৰহ্ময়ে সদৰী কৰা মতে, দুষ্ট চক্ৰটোৱে বিটিআৰৰ প্ৰধান সচিবলৈ পুঁজি মুকলি কৰি দিবলৈ পত্ৰ প্ৰেৰণ কৰাৰ উপৰিও বহু সংখ্যক ঠিকাদাৰৰ পৰা বৃহৎ পৰিমানৰ ধন লোৱাৰো অভিযোগ উত্থাপন হৈছে । ভূৱা পত্ৰ দেখুৱাই বিটিআৰৰ একাংশ ঠিকাদাৰৰ বকেয়া বিল মোকলাই দিয়াৰ প্ৰলোভন দেখুৱাই বৃহৎ পৰিমানৰ ধন লোৱাৰো অভিযোগ উত্থাপন কৰিছে দুষ্টচক্ৰটোৰ বিৰুদ্ধে ৷

দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ইতিমধ্যে কোকৰাঝাৰ সদৰ থানাত এজৰহাৰ দাখিল কৰা হৈছে বুলি সদৰী কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বিশেষ কৰ্তব্যৰত বিষয়া সানগ্ৰাং ব্ৰহ্ময়ে । বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ নাম ব্যৱহাৰ কৰি ঠিকাদাৰৰ পৰা বকেয়া বিল মোকলাই দিয়াৰ নামত বৃহৎ কমিচন সংগ্ৰহ কৰা দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনাইছে সানগ্ৰাং ব্ৰহ্ময়ে ।
error: Content is protected !!
%d bloggers like this: