বৃদ্ধি নহয় যাত্রীবাহী বাছৰ ভাৰা

0 min read

সদৌ অসম মটৰ পৰিবহণ সংস্থাই ঘোষণা কৰিলেও ৰাজ্যত বাছভাৰা পুনৰ বৃদ্ধি কৰিবলৈ দিয়া নহ’ব বুলি সদৰী কৰিছে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি পৰিবহণ মন্ত্রীজনে কয় যে সর্বসাধাৰণৰ ওপৰত মাধমাৰ শোধাই ভাৰা বৃদ্ধি কৰিবলৈ অনুমতি দিয়া নহ’ব৷ বাছৰ ভাৰা কোনো কাৰণতে বৃদ্ধি নহয়৷ সেয়েহে সাধাৰণ ৰাইজক এক শতাংশও ভাৰা বৃদ্ধিক লৈ শংকিত নহ’বলৈ আহ্বান জনাই পাটোৱাৰীয়ে কয়– ‘ক’ভিড মহামাৰীৰ ফলত সর্বসাধাৰণ ৰাইজ ব্যাপক ক্ষতিগ্রস্ত হৈছে৷ ক্ষুদ্র ব্যৱসায়ীসকলৰ উপার্জন নোহোৱা হৈছে৷

ক’ভিডৰ বাবে খেতিয়কসকলেও উৎপাদিত সামগ্রী বিক্রী কৰিবলৈ বজাৰ লাভ কৰা নাই৷ তদুপৰি বাছেৰে অহা–যোৱা কৰে সর্বসাধাৰণ লোকে৷ সামর্থ্যৱান লোকসকলে নিজৰ বাহনেৰে অহা–যোৱা কৰে৷ সেয়েহে সর্বসাধাৰণৰ ওপৰত মাধমাৰ শোধাই বাছভাৰা বৃদ্ধি কৰিবলৈ দিয়া নহ’ব৷ উল্লেখ্য যে আন্তঃজিলা যাতায়াত সম্পূর্ণৰূপে খোলাৰ লগে লগে বাছভাৰা ৫০ শতাংশ বৃদ্ধি কৰা হ’ব বুলি প্রকাশ কৰিছিল সদৌ অসম মটৰ পৰিবহণ সন্থাই৷ যাক লৈ সম্পূর্ণ ৰাজ্যতে ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷

You May Also Like

More From Author