প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কিশোৰীক

1 min read

প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰা হৈছিল এগৰাকী কিশোৰীক । সোণাৰীৰ টিঙালীবাম চাহ বাগিচাৰ ছয় বছৰীয়া কিশোৰী গৰাকীৰ হত্যাকাণ্ডত জড়িত অপৰাধীয়ে আগবাঢ়াইছে এই বিস্ফোৰক ভাষ্য । উল্লেখযোগ্য যে, সোণাৰীৰ টিঙালীবাম চাহ বাগিচাত সংঘটিত হত্যাকাণ্ডৰ লগত জড়িত দুই অপৰাধীক বৃহস্পতিবাৰে আটক কৰবিলৈ সক্ষম হৈছে আৰক্ষী ।

উল্লেখযোগ্য যে, চলিত সপ্তাহৰৰ সোমবাৰে সমনীয়াৰ সৈতে খৰি বিচাৰি যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল টিঙালীবাম চাহ বাগিচাৰ ছয় বছৰীয়া কিশোৰী গৰাকী ৷ ইপিনে সন্ধিয়ালৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাত চাহ বাগিচাৰ মাজত এটা নলাত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰী গৰাকীৰ মৃতদেহ ৷

তাৰ পাচতেই আৰক্ষীয়ে টিঙালীবাম চাহ বাগিচাত অপৰাধীক বিচাৰি চলাইছিল অভিযান । এই অভিযানৰ সময়ত মৃতদেহ উদ্ধাৰ হোৱা স্থানত মঙলবাৰে হাবিৰ মাজত উদ্ধাৰ হৈছিল দুখন কৈ চোকা দা । ইফালে কিশোৰী গৰাকীৰ লগত যোৱা দুই সমনীয়াৰ ভাষ্য অনুসৰি চাহ বাগিচাৰ মাজত এজন লোকে মৃত কিশোৰী গৰাকী ৰ’বলৈ কৈ বাকী সকলক ধমকি দি উভতাই পঠাইছিল চাহ বাগিচাৰ পৰা।

সেই সূত্ৰৰ পম খেদি টিঙালীবাম আৰক্ষী চকীলৈ সোধা-পোছৰ বাবে অনা চাহ বাগিচাৰ একাংশ শ্ৰমিকৰ মাজৰপৰা ৰোহন গোৱালাক কিশোৰী গৰাকীৰ সৈতে খৰি বিচাৰি যোৱা সমনীয়াই কৰা চিনাক্তকৰণৰ ভিত্তিত প্ৰথমে আটক কৰে ৷ তাৰ পাচত ৰোহনৰ স্বীকাৰোক্তিৰ ভিত্তিত চৰাইদেউ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাদলু প্ৰজাক ।

চৰাইদেউ আৰক্ষী অধীক্ষকজনে জানোৱা মতে, হত্যাকাৰীয়ে স্বীকাৰ কৰিছে কিশোৰী গৰাকীৰ প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰে; যাতে ঘটনাটোৰ কথা কোনেও গম নাপায় ।

You May Also Like

More From Author