26.2 C
Assam
Monday, August 8, 2022

Featured News

নগাঁৱৰ গোমোঠাগাঁৱত ৯বস্তাকৈ চোৰাং শামুক উদ্ধাৰ

নিউজ ব্যুৰ',নগাঁও,৬আগষ্ট:--নগাঁও জিলাৰ ইটাচালী টাউন আৰক্ষী চকীৰ...

BTR CEM Pramod Boro Lauds NTPC GEM Initiative

On Friday, BTR CEM Pramod Boro interacted...

মানৱ সেৱাৰ পৰিৱৰ্তে কিশোৰী নিৰ্যাতনত সাঙোৰ খাইছে চিকিৎসক

Assamese Newsমানৱ সেৱাৰ পৰিৱৰ্তে কিশোৰী নিৰ্যাতনত সাঙোৰ খাইছে চিকিৎসক

সময়ে সময়ে বহু সম্ভ্ৰান্ত লোকৰ ঘৰত নিৰ্যাতিত হৈ আহিছে বনকৰা শিশু তথা কিশোৰ-কিশোৰী ৷ মানৱীয়তাক লজ্জান্বিত কৰা এনে এক ঘটনাই শেহতীয়াকৈ সংঘটিত হৈছে এইখন অসমৰে যোৰহাট জিলাৰ তিতাবৰত ৷ ঘৰত ৰাখিবলৈ লৈ যোৱা দুখীয়া পৰিয়ালৰ কিশোৰী গৰাকীক কাম কৰিবলৈ বাধ্য কৰি মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে তিতাবৰৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে ৷

সম্প্ৰতি চাইল্ড কেয়াৰ সন্থা(child care association)ৰ কৰ্মী সকলে জনোৱা মতে, চিকিৎসক গৰাকীয়ে দুখীয়া পৰিয়ালৰ সন্তান কিশোৰী গৰাকীক নিজৰ ঘৰত থকাৰ নিমিত্তে লৈ আহিছিল ৷ পিছে কিশোৰী গৰাকীক নিজৰ ঘৰলৈ আনিয়েই ৰূপ সলাইছিল সমাজত আগস্থান লাভ কৰা চিকিৎসক গৰাকীয়ে ৷ কিশোৰী গৰাকীৰ অভিযোগ অনুসৰি ঘৰৰ কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল তেওঁক ৷
কাম কৰাৰ পৰা বিৰত থাকিলে বা খন্তেক জিৰণি লোৱা দেখিলেই উক্ত চিকিৎসক গৰাকীয়ে মানসিক নিৰ্যাতন চলাইছিল দূৰ্ভগীয়া কিশোৰী গৰাকীক ৷

অৱশেষত এই নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ চিকিৎসক গৰাকীৰ ঘৰৰ পৰা পলায়ন কৰে তেওঁ ৷ অৱশ্যে যোৰহাট নগৰৰ বাছ ষ্টেণ্ড(Jorhat bus stand)ত এখন বাছত উঠিবলৈ লওতে যোৰহাট পুলিছে(Jorhat police) উদ্ধাৰ কৰে কিশোৰী গৰাকীক ৷ ইফালে অভিযুক্ত চিকিৎসক গৰাকীৰ নাম তিতাবৰৰ জনৈক ৰিছা বুলি অৱগত কৰিছে কিশোৰী গৰাকীয়ে ৷

উল্লেখযোগ্য যে, বিগত বৰ্ষত মৰাণ মহাবিদ্যালয়ৰ সেই সময়ৰ অধ্যক্ষা গৰাকীয়ে নিজৰ ঘৰত বন কৰা ল’ৰা এজনক নিৰ্দয়ভাৱে শাৰিৰীক নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছিল ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ ৰাজ্যত ৷ এইদৰে এতিয়া এচাম তথা-কথিত সম্ভ্ৰান্ত লোকৰ ঘৰতে শিশু তথা কিশোৰ কিশোৰীক শাৰিৰীক তথা মানসিকভাৱে নিৰ্যাতন কৰাৰ ঘটনা সংঘটিত হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে সচেতন মহলে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: