স্তব্ধ হৈ পৰিব ৰাজপথ!২৭ জানুৱাৰীত ৰাজ্যৰ ৰাজপথত নচলিব গাড়ী

স্তব্ধ হৈ পৰিব ৰাজপথ!২৭ জানুৱাৰীত ৰাজ্যৰ ৰাজপথত নচলিব গাড়ী

অহা ২৭ জানুৱাৰীত মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই চকা বন্ধৰ আহ্বান জনাইছে । চৰকাৰে সংগঠনটোৰ দাবী মানি নোলোৱাৰ প্ৰতিবাদত সংগঠনটোৱে চকা বন্ধৰ কাৰ্যসূচী হাতত লৈছে।

আনহাতে,চৰকাৰে সংগঠনটোৰ দাবী মানি নল’লে বিধানসভা অধিৱেশনৰ দ্বিতীয় আৰু তৃতীয় দিনটোত ৪৮ ঘণ্টীয়া চকা বন্ধৰ আহ্বান জনোৱাৰ কথা কৈছে ৷ অসংগঠিত খণ্ডৰপৰা অহা ৮ৰ পৰা ৯ লাখ কৰ্মচাৰীক চৰকাৰে শুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগতে লকডাউনৰ ফলত কৰ্মহীন হোৱা শ্ৰমিকসকলক সাহায্য নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ যৌথ মঞ্চই।

তেওঁলোকৰ প্ৰধান দাবীসমূহৰ ভিতৰত আছে-যান-বাহনৰ কৰ ৰেহাই,বহিঃৰাজ্যলৈ যোৱাৰ ক্ষেত্ৰত থকা বাধা আঁতৰ কৰা আদি।

GTM Desk

Related