15.5 C
Assam
Wednesday, December 7, 2022

Featured News

গোসাঁইগাঁৱত উপ–নিৰ্বাচনৰ ৰণডংকাঃ ইউপিপিএল মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি মন্ত্ৰী অশোক সিংহলৰ

Assamese Newsগোসাঁইগাঁৱত উপ–নিৰ্বাচনৰ ৰণডংকাঃ ইউপিপিএল মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি মন্ত্ৰী অশোক সিংহলৰ

 

মহাজোঁটৰ শ্ৰমিকৰ দৃঢ়তা আৰু জনসাধাৰণৰ সমৰ্থনেৰে হ’ব বিজয়প্ৰাপ্তিঃ উইলছন হাছদা

Author: G Barman:

উপ–নিৰ্বাচনক লৈ সাজু হৈছে বিটিআৰ। আজি গোসাঁইগাঁৱত ইউপিপিএলৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰে কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে। ইয়াৰ লগতে ২৮নং গোসাঁইগাঁও সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰন বসুমতাৰীলৈ সমৰ্থন আগবঢ়াই বিজেপি, জিএছপি, অগপ আৰু ইউপিপিএলৰ নেতা-কৰ্মীয়ে এক আলোচনাত মিলিত হয়। সভাত ইউপিপিএল দলৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত কৰিবলৈ এখন নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা হয়। নিৰ্বাচনী কাৰ্যালয় মুকলিৰ জৰিয়তে উপ–নিৰ্বাচনৰ ৰণডংকা বজোৱা অভিভাৱক মন্ত্ৰী অশোক সিংহলে কয় যে বিপিএফৰ সৈতে নহয় বিজেপিৰ মিত্ৰতা ইউপিপিএলৰ সৈতেহে।

তেওঁ কয়– ”বৰ্তমানো আমাৰ ইউপিপিএলৰ লগত মিত্ৰতা অটুট আছে। মিত্ৰদল ইউপিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ হৈ গোসাঁইগাঁৱত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰিবলৈ আহিছোঁ।” তেওঁ লগতে বিপিএফৰ মুখৰ কথাত বিশ্বাস নকৰিবলৈ আহ্বান জনায় উল্লেখ কৰে যে সমষ্টিটোত বিপিএফৰ অৱস্থা খুব বেয়া। গতিকে ইউ পি পি এলে বহু হাজাৰ ভোটত জয়লাভৰ আশা পোষণ কৰে তেওঁ। আজিৰ সভাত চাৰিটা দলৰ নেতা–কৰ্মী উপস্থিত থকাৰ লগতে বিটিআৰৰ কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্যকে ধৰি বহু সংখ্যক মিত্ৰজোঁটৰ সমৰ্থক উপস্থিত থাকে। আনহাতে বিটিচিৰ কাৰ্যবাহী সদস্য উইলছন হাছদাও উক্ত সভাত উপস্থিত থাকে। তেওঁ মহাজোঁটৰ শ্ৰমিকসকলৰ দৃঢ়তা আৰু জনসাধাৰণৰ ব্যাপক সমৰ্থনেৰে নিশ্চিতভাৱে বিজয়প্ৰাপ্তি কৰিব বুলি উল্লেখ কৰে।

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: